ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড, ১২ বছৰীয়া কিশোৰীৰ সন্তান প্ৰসৱ...

মঙলবাৰে ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশ মহেন্দ্ৰ কলিতাৰ আদালতে এগৰাকী কিশোৰী ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।
 ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড, ১২ বছৰীয়া কিশোৰীৰ সন্তান প্ৰসৱ...

ডিজিটেল সংবাদ, ওদালগুৰি: মঙলবাৰে ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশ মহেন্দ্ৰ কলিতাৰ আদালতে এগৰাকী কিশোৰী ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। ঘটনাটো সংঘটিত হৈছিল ২০২১ চনৰ ২ জুনত।

ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত ৪ নম্বৰ আমজুলি লক্ষীমপুৰৰ ১২ বছৰীয়া এটি কিশোৰীক একেখন গাঁৱৰে জয়ন্ত বৰাই ঘৰত কোনো নথকাৰ সুযোগ লৈ ভয়-ভাবুকিৰে ধৰ্ষণ কৰিছিল। ঘটনা সন্দৰ্ভত ছোৱালীজনীয়ে মুখ খোলা নাছিল যদিও সময় পাৰ হোৱাৰ লগে লগে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত অৱগত হৈছিল।

ঘটনা সন্দৰ্ভত হৰিশিঙা আৰক্ষী থানাত ২৪ আগষ্টত এক এজাহাৰ দাখিল কৰিছিল শিশুটিৰ পিতৃয়ে। এজাহাৰৰ ভিত্তিত হৰিশিঙা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ POCSO ৩৭৬(এবি) R/W sec. 6ৰ অধীনত ৭২/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰিছিল।

উক্ত গোচৰ সন্দৰ্ভত আদালতত চলা ১১/২০২২ নম্বৰৰ বিশেষ POCSO গোচৰৰ অধীনত চলা যুক্তি-তৰ্কৰ অন্তত আজি আদালতে ৰায় প্ৰদান কৰি অপৰাধী জয়ন্ত বৰাক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে দহ হাজাৰ টকাৰ জৰিমনা বিহে।

জানিব পৰা অনুসৰি ধৰ্ষিতা কিশোৰীগৰাকীয়ে অন্তসত্বা হৈ সন্তান জন্ম দিছিল আৰু সন্তানটিক বৰ্তমান শিশু সুৰক্ষা কেন্দ্ৰত ৰখা হৈছে।

আৰু পঢ়ক: গুৰুজনাৰ জন্মস্থানত উচ্ছেদ; স্থানীয় লোকৰ সমৰ্থনৰ বিপৰীতে ক্ষোভিত অখিল গগৈৰ লগতে বিৰোধী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in