বলাৎকাৰী অধিবক্তা মহিৰুদ্দিনক ২৫ বছৰ সশ্রম কাৰাদণ্ড আদালতৰ...

মঙলবাৰে গুৱাহাটীত POCSC বিশেষ আদালতে এক বিশেষ ৰায়দান কৰে। বলাৎকাৰী অধিবক্তাক বিহে ২৫ বছৰ সশ্রম কাৰাদণ্ড।

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জত ড্ৰাগছসহ আটক এজন

ডিজিটেল ডেস্ক: মঙলবাৰে গুৱাহাটীত POCSC বিশেষ আদালতে এক বিশেষ ৰায়দান কৰে। বলাৎকাৰী অধিবক্তাক বিহে ২৫ বছৰ সশ্রম কাৰাদণ্ড।

Advertisment

দুগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলাইছিল অধিবক্ত গৰাকীয়ে। অধিবক্তাজনৰ নাম মহিৰুদ্দিন আলী।

ঘটনাৰ বিৱৰণী অনুসৰি টিউচন কৰাৰ চলেৰে নাবালিকাক যৌন নিৰ্যাতন চলাইছিল অধিবক্তা গৰাকীয়ে। তাৰ পাছতেই পৰিয়ালৰ লোকে কৰিছিল গোচৰ ৰুজু।

মহিৰুদ্দিনক ২০ হাজাৰ টকাৰ জৰিমনাও আৰোপ কৰে আদালতে। জৰিমনা দিব নোৱাৰিলে অতিৰিক্ত ছমহা কাৰাদণ্ড খাটিব লাগিব মহিৰুদ্দিনে।

কিশোৰী দুগৰাকীলৈ ৫০ হাজাৰ টকাকৈ ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱা প্রাধিকাৰীলৈ ক্ষতি পূৰণৰ নিৰ্দেশ প্রেৰণ কৰিছে আদালতে।

আৰু পঢ়ক: প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰতে ২ লাখ কোটি টকা ৰাহি কৰিছে: বিত্ত মন্ত্ৰী

assam guwahati