/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/07abe0ce-8350-4b1f-8470-5dfbdc6b827a/cotton.jpg)
ডিজিটেল ডেস্কঃ 'কটনিয়ান'ৰ শতবৰ্ষ উপলক্ষে সদৌ অসম ভিত্তিত মহাবিদ্যালয়/ বিশ্ববিদ্যালয়ৰ আলোচনী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। এই উপলক্ষে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিছু নিয়মাৱলী জাৰি কৰিছ। নিয়ম অনুসৰি-
• প্রত্যেকখন শিক্ষানুষ্ঠানে সদ্য প্রকাশিত আলোচনীৰ দুটাকৈ কপি প্ৰেৰণ কৰিব পাৰিব।
• প্রতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্রেষ্ঠ আলোচনীৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব ।
প্ৰেৰিত আলোচনী সমূহৰ পৰা ব্যক্তিগত শাখাতো পুৰস্কাৰ প্ৰদান কৰা হ'ব। এই পুৰস্কাৰত থাকিব-
ক) শ্ৰেষ্ঠ প্ৰবন্ধ (ইংৰাজী আৰু অসমীয়াত পৃথককৈ )
খ) অসমীয়া ভাষাত তিনিটি শ্রেষ্ঠ কবিতা
গ) শ্রেষ্ঠ সম্পাদকীয়
ঘ) শ্রেষ্ঠ অলংকৰণ
ঙ) শ্ৰেষ্ঠ প্রচ্ছদপট
চ) শ্রেষ্ঠ মুদ্রণ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/51909e68-58a3-48dc-860b-e87794635081/de96e288_c5c5_4ef2_984a_f792556a06eb.jpg)
আলোচনী সমূহ প্ৰেৰণ কৰা ঠিকনা হল- অংকুৰজ্যোতি শৰ্মা, সম্পাদক, কটনিয়ান( ২০২২-২৩) . প্রযত্নে গ্ৰন্থগাৰিক, ড০ সূৰ্য্য কুমাৰ ভূঞা পুথিভঁৰাল, কটন বিশ্ববিদ্যালয়, পানবজাৰ, গুৱাহাটী-৭৮১০০১ ।
এই প্ৰতিযোগিতাত যোগদানৰ অন্তিম তাৰিখ ৩১ আগষ্ট ২০২৩। এক বিশিষ্ট বিচাৰক মণ্ডলীৰ দ্বাৰা প্ৰতিযোগিতাৰ পৰা বিজয়ী নিৰ্বাচন কৰা হ'ব। বিজয়ী সকলক কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা প্ৰদান কৰা হ'ব।
Also Read: গহপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ,চিকিৎসাধীন শিশু