/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/3948e754-a8a4-4fe9-823a-b62cbaf5c5c9/232.jpg)
ডিজিটেল ডেস্ক : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াৰ পাছতে অৱশেষত গা লৰিল কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। বিশ্ববিদ্যালয়খনৰ ভূমি বিতৰ্কক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে সিদ্ধান্ত সলনি কৰিব লগা হয় সমিতিখনে।
এক বিবৃতিযোগে উল্লেখ কৰে যে, ৰাজহ সংগ্রহৰ বাবে ভূমি বন্ধকত নিদিয়ে কটন বিশ্ববিদ্যালয়ে। এই সিদ্ধান্ত প্রত্যাহাৰৰ কথা বিশ্ববিদ্যালখনৰ পঞ্জীয়কে ঘোষণা কৰে।
উল্লেখ্য যে, কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিজা ৰাজহ বৃদ্ধিৰ বাবে বিশ্ববিদ্যালয়খনৰ ভূমি কোনো ব্যক্তি বা বাহিৰা প্ৰতিষ্ঠানক গতাবলৈ সিদ্ধান্ত লৈছিল। বিশ্ববিদ্যালয়খনৰ কাৰ্যকৰী পৰিষদৰ অনুমোদন সাপেক্ষে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যই প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অৰূপ কুমাৰ হাজৰিকাৰ নেতৃত্বত এক ৬ জনীয়া কমিটী গঠন কৰিছিল।
এই কমিটীৰ ওপৰত বিশ্ববিদ্যালয়খনৰ ভিতৰৰ ভূমিৰ সন্ধান কৰাৰ লগতে এক মাষ্টাৰ প্লেন তৈয়াৰ কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। ১৩ মে'ত আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত জাননী প্ৰকাশ পোৱাৰ পিছতে সংবাদ মাধ্যমত এই বিষয়ে বাতৰি প্ৰকাশ পাইছিল।
পাছত বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এনে প্ৰতিক্ৰিয়াৰ মাজতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই বুধবাৰে বিষয়টো হস্তক্ষেপ কৰিবলৈ বাধ্য হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমযোগে কয়- 'কটন কলেজ বিশ্ববিদ্যালয়ে কটন কলেজৰ ঐতিহ্য বহন কৰে। অসম চৰকাৰে ইয়াৰ কোনো সম্পত্তি কোনো ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানক 'আউটচৰ্চিং'ৰ অনুমতি নিদিয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এনে ধৰণৰ যিকোনো কাৰ্য তৎক্ষণাৎ বন্ধ কৰিব লাগিব।'
মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ৰাজহুৱা কৰাৰ পাছতে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়।
Also Read: কোনো বাহিৰা প্ৰতিষ্ঠানক হস্তান্তৰ কৰিব নোৱাৰিব কটন বিশ্ববিদ্যালয়ৰ ভূমি...