পঞ্চায়ত প্ৰতিনিধিৰ দুৰ্নীতি: লাখ টকীয়া পথৰ বিধ্বস্ত অৱস্থা...

পঞ্চায়ত প্ৰতিনিধিৰ দুৰ্নীতি: লাখ টকীয়া পথৰ বিধ্বস্ত অৱস্থা...

ডিজিটেল সংবাদ, চতিয়াঃ চতিয়াৰ ২ নং চতিয়া গাওঁ পঞ্চায়তত একাশং পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুত্বপূৰ্ণ অভিযোগ। গ্ৰাম্য উন্নয়নৰ বাবে ধাৰ্য্য কৰা বৃহৎ পূঁজিৰ ধন গো-গ্ৰাসে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে পঞ্চায়তখনৰ আঞ্চলিক সদস্য ৰঞ্জন অধিকাৰীৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, চতিয়া ২নং গাওঁ পঞ্চায়তে ২০২০-২১বৰ্ষতে চেনিমাৰী আৰু দোলাপানী সংযোগী পথটো নিৰ্মাণৰ বাবে আৱন্তন দিছিল প্ৰায় ৫ লাখ টকা৷ ইয়াৰে ৩.৪৮ লাখ শ্ৰমিকৰ বাবে আৰু ১.৩৮ লাখ সামগ্ৰীৰ নামত ধাৰ্য্য কৰা হৈছিল।

এই কামটোৰ দায়িত্বত আছিল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ অতি ঘনিষ্ঠ তথা পঞ্চায়তখনৰে আঞ্চলিক সদস্য ৰঞ্জন অধিকাৰী। পথটো নিৰ্মাণৰ নামত মাত্ৰ কেইগাড়ীমান মাটি পেলায়েই সমুদায় ধন হজম কৰাৰ অভিযোগ উঠিছে আঞ্চলিক সদস্য ৰঞ্জন অধিকাৰীৰ বিৰুদ্ধে।

এতিয়া পথটোৰ মাজ ভাগতে সৃষ্টি হৈছে প্ৰকাণ্ড পুখুৰী সদৃশ গাত। ভূক্তভোগী ৰাইজে এই দুৰ্নীতিৰ উচিৎ তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে গ্ৰামোন্নয়ন বিভাগৰ উৰ্ধতম কতৃপক্ষক ৷

পঞ্চায়ত প্ৰতিনিধিৰ দুৰ্নীতি: লাখ টকীয়া পথৰ বিধ্বস্ত অৱস্থা...
পুনৰ অশান্ত অঞ্চলৰূপে ঘোষণা মণিপুৰক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in