/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ff74e5f2-be9a-4455-b296-1783ccec0056/z5.jpg)
ডিজিটেল সংবাদ, বিলাসীপাৰাঃ বিলাসীপাৰাৰ চিৰাকুটা যমদুৱাৰত নিৰ্মিয়মান আইন মহাবিদ্যালয়খন নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি পৰিলক্ষিত হৈছে। বিলাসীপাৰা মহকুমা গঠন হোৱাৰ প্ৰায় ৩দশক অপেক্ষাৰ পিছত বিলাসীপাৰাৰ স্থানীয় ৰাইজৰ কঠোৰ প্ৰচেষ্টাৰ ফলস্বৰূপ আইন মহাবিদ্যালয়খন স্থাপনৰ বাবে অনুমোদন লাভ কৰে।
আইন মহাবিদ্যালয়খনৰ চাৰিসীমাৰ নৱনিৰ্মিত পকি দোৱালখন ভাঙি পৰাত নিৰ্মাণ কাৰ্যত হোৱা দুৰ্নীতিৰ কথা পোহৰলৈ আহিছে। নিৰ্মিয়মান আইন মহাবিদ্যালয়খন নিৰ্মাণৰ বাবে ঠিকাদাৰ মাৰ্জিত বসুমাতাৰীয়ে অতি নিম্নমানৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য শেষ নহওতেই চাৰিসীমাৰ নৱনিৰ্মিত পকি দোৱালখন খহি পৰে অভিযোগ উত্থাপন কৰে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
কেৱল পকি দোৱাল নহয় মহাবিদ্যালয়খনৰো নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট দুৰ্নীতি কাৰ্য সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। এই সন্দৰ্ভত সংগঠনটোৱে ধুবুৰীৰ জিলা আয়ুক্ত দিৱাকৰ নাথৰ ওচৰত ঠিকাদাৰ তথা দায়িত্বৰত অভিযন্তাৰ এনে দুৰ্নীতি কাৰ্যৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ লগতে ইয়াৰ ন্যায়িক তদন্তৰ দাবী জনায়।
Also Read: গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা