ফটো এডিটিং কৰি গড়কপ্তানি বিভাগৰ পৰা ঠিকাদাৰে আদায় কৰিলে ৩৩ লাখ টকাৰ বিল...

ভুৱা ফটো ব্যৱহাৰেৰে ঠিকাদাৰে উঠালে বিল। ফটো এডিটিংৰ জৰিয়তে গড়কপ্তানি বিভাগৰ দুৰ্নীতি। ঠিকাদাৰ সহ গড়কপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ...
ফটো এডিটিং কৰি গড়কপ্তানি বিভাগৰ পৰা ঠিকাদাৰে আদায় কৰিলে ৩৩ লাখ টকাৰ বিল...
Published on
Updated on

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : এখন বিশেষ ফটোয়ে চৰ্চা লাভ কৰিছে দক্ষিণ শালমৰা অঞ্চলত। দক্ষিণ শালমাৰাৰ ধেনাৰকুটিৰ পৰা বালাডোবা দুৰ্গা মন্দিৰলৈ যোৱা গড়কপ্তানি বিভাগৰ একমাত্ৰ পথচোৱা ফটো এডিটিঙৰ জৰিয়তে ঠিকাদাৰে কৰিছে দুৰ্নীতি। পথটোৰ মাজত আছে এটা কালভাৰ্ট। কালভাৰ্টৰ সুৰক্ষাৰ বাবে দুয়ো পাৰে কৰা হৈছে বল্ডাৰ পিচিং। ফটোখনত স্পষ্টভাবে দেখা পোৱা যায় বল্ডাৰ পিচিং। পিছে আৰ টি আইৰ জৰিয়তে গড়কপ্তানি বিভাগৰ পৰা সংগ্ৰহ কৰা হৈছে উক্ত ফটোখনহে দেখা যায় এয়া। ফটোখনৰ জৰিয়তেই আলিম উদ্দীন মণ্ডল নামৰ ঠিকাদাৰ জনে কেইবা লাখ টকাৰ বিল বিভাগৰ পৰা সংগ্ৰহ কৰিছে গড়কাপ্তানি বিভাগৰ পৰা।

কিয়নো ঠিকাদাৰ আলিম উদ্দীন মণ্ডলে বিল উঠোৱা পথচোৱাৰ লগত আজিৰ তাৰিখৰ পথচোৱাৰ দৃশ্যৰ সাদৃশ্য নাই। পথচোৱাৰ মাজত এতিয়াও কালভাৰ্ট আছে যদিও কালভাৰ্ট সুৰক্ষাৰ বাবে বৰ্তমান দেখা পোৱা নাযায় বল্ডাৰ পিচিঙৰ কাম। ঘটনা অনুসৰি ধেনাৰকুটি-বালাডোবা সংযোগী গড়কপ্তানি বিভাগৰ অধীনত থকা বিধস্ত পথচোৱা পুনৰ নিৰ্মাণৰ বাবে ২০২০-২১ বৰ্ষত এছ ও পি ডি আঁচনিৰ জৰিয়তে ৩৩ লাখ ৬৯ হাজাৰ ৯৩৬ টকা আৱণ্টন দিছিল। দক্ষিণ শালমাৰা ক্ষেত্ৰীয় পথ উপ সংমণ্ডল অধীনত থকা পথটো পুনৰ নিৰ্মাণৰ বাবে বিভাগে ঠিকাদাৰ আলিম উদ্দীন মণ্ডলক দায়িত্ব প্ৰদান কৰে।

ঠিকাদাৰ আলিম উদ্দীন মণ্ডলে পথটোত সামান্য কাম কৰি ভুৱা ফটো ব্যৱহাৰ কৰি বিভাগৰ পৰা বিল আদায় লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ সম্পাদক আমানুৰ উদ্দীন আহমেদে ২৩ জুন তাৰিখে হাটশিঙিমাৰী জিলা উপায়ুক্তক এই সংক্ৰান্তত এখন লিখিত অভিযোগ দাখিল কৰিছিল। সেই অভিযোগৰ পিছতে দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ আলিম উদ্দীনসহ কাম পৰীক্ষা নকৰাকৈ বিল আদায় দিয়া গড়কপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰৰ দাবী জনাই দেওবাৰে পথটোত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।

লক্ষণীয় যে, ঠিকাদাৰ আলিম উদ্দীন মণ্ডলে কাম নকৰাকৈ ভুৱা ফটো ব্যৱহাৰ কৰি বিভাগৰ পৰা বিল আদায় লোৱাৰ ঘটনাত বিভাগীয় কৰ্তৃপক্ষক মেনেজ কৰাৰ অভিযোগো উত্থাপন হৈছে। জিলা প্ৰশাসনে ৭ দিনৰ ভিতৰত এই কামৰ সঠিক তদন্ত নকৰিলে অভিযোগ অনা উক্ত বিজেপিৰ নেতাজনে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ কাষ চাপিব বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে।

ফটো এডিটিং কৰি গড়কপ্তানি বিভাগৰ পৰা ঠিকাদাৰে আদায় কৰিলে ৩৩ লাখ টকাৰ বিল...
পুখুৰীত গা-ধুৱলৈ গৈ সলিল সমাধি যুৱকৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in