ডিজিটেল সংবাদ, জামুগুৰিহাট : আজিৰ দিনটোত ৰাজ্যত সংঘটিত হৈছে কেইবাটাও সলিল সমাধিৰ ঘটনা। চিৰাং, ডুলীয়াজানৰ টিঙৰাইৰ পাছত এইবাৰ জামুগুৰিহাটৰ বালিজুৰিত শোকাৱহ ঘটনা। সমনীয়াৰ সৈতে পুখুৰীত গা-ধুবলৈ গৈ সলিল সমাধি যুৱকৰ।
যুৱকজন বালিজুৰিৰ ৩নং তেজালপট্টিৰ গোলাপ তামুলীৰ একমাত্ৰ পুত্ৰ হেমন্ত তামুলী (১৭)। দুপৰীয়াৰ ভাগত পুখুৰীত গা-ধুই থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা ৷ এজন বন্ধুৰ সৈতে গা-ধুই থকা অৱস্থাত পানীত ডুৱ যায় হেমন্ত তামুলী নামৰ যুৱকজন। উদ্ধাৰৰ পিছত পৰিয়ালৰ লোকে উত্তৰ জামুগুৰিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।