/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/majuli.jpg)
ডিজিটেল সংবাদ, মাজুলী: মাজুলীবাসীৰ সপোনৰ মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত সংঘটিত হোৱা বিসংগতি তথা আসোঁৱাহৰ তথ্য পোহৰলৈ অহাৰ পিছতে দলঙৰ খুটাৰ পকী কাম বন্ধ ৰাখিছে বিভাগে । ইতিমধ্যে গুৱাহাটীৰ পৰা এটা বিশেষজ্ঞৰ দল আহিছে মাজুলীলৈ ।
কালিলৈ বিশেষজ্ঞৰ দলে পৰীক্ষা কৰিব খুটা সমূহ । ইউ পি ব্ৰিজ কন্সট্ৰাকশ্যন কোম্পানীটোয়ে নিৰ্মাণ কৰা বহু প্ৰত্যাশিত হেপাঁহৰ মাজুলী-যোৰহাট সংযোগী দলংৰ ৮ আৰু ১১ নম্বৰ খুঁটাৰ পাইলিংৰ জইনিঙত বালি আৰু চিমেন্টৰ মিহলোৱা পৰিমাণ তাৰতম্য ৰখাৰ বাবে বৃহৎ ফাঁক ধৰা পৰিছিল । এই কথা কোম্পানীটোৰ অভিযন্তা তথা কৰ্মচাৰীসকলে বিসংগতিৰ কথা স্বীকাৰ কৰা ঘটনাই দলং নিৰ্মাণৰ নামত অদূৰ ভৱিষ্যতে মাজুলীৰ জনসাধাৰণক বিপদৰ গৰাহলৈ ঠেলি দিয়াৰ উপক্ৰম হৈছে।
উল্লেখ্য যে,দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আনুষ্ঠানিক দলং নিৰ্মাণৰ শুভাৰম্ভ কৰা বহু চৰ্চিত মাজুলী-যোৰহাট সংযোগী দলংৰ পুঁজিৰ পৰিমাণ ৬৫৩ কোটি টকা। বৰ্তমানলৈ দহটা খুঁটা নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ লগে লগে বহু আশাৰে হেপাঁহৰ দলংখনলৈ বাট চাই আছে মাজুলীবাসী। এনে সময়তে দলঙত ধৰা পৰা এই বিসংগতিয়ে চকু কপালত তুলিছে মাজুলীবাসীৰ । কালিলৈ বিশেষজ্ঞৰ দলে পৰীক্ষা দলঙৰ নিৰ্মান কাৰ্য । প্ৰয়োজন সাপেক্ষত বিসংগতি ওলোৱা দুয়োটা খুটা ভাঙি পুনৰ নিৰ্মান কৰিব বুলিও উল্লেখ কৰে ।