বিহাৰৰ পৰা আৰম্ভণি, প্ৰশান্ত কিশোৰৰ নতুন যাত্ৰা…

বিহাৰৰ পৰা আৰম্ভণি, প্ৰশান্ত কিশোৰৰ নতুন যাত্ৰা…

ডিজিটেল ডেস্ক: বৰ্তমান সময়ত ৰাজনৈতিক ক্ষেত্ৰত চৰ্চিত বিষয় সমূহৰ ভিতৰত ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰৰ নামো ল'ব পাৰি। প্ৰশান্ত কিশোৰ কয় যে তেওঁ বিহাৰৰ জনসাধাৰণৰ বাবে কাম কৰিব।

প্ৰশান্ত কিশোৰে বৰ্তমান সময়লৈকে নতুন দল খুলিব বুলি ঘোষণা কৰা নাই যদিও তেওঁ দল খোলাৰ সম্ভাৱণা থকা দেখা যায়। তেওঁ কয় যে তেওঁ বিহাৰৰ জনসাধাৰণক লগত কথা পাতিব আৰু তেওঁলোকৰ বাবে কাম কৰিব।

ইয়াৰো পৰি ২ অক্টোবৰৰ পৰা বিহাৰত ৩০০০ কিলোমিটাৰ পদযাত্ৰা কৰাৰ কথা ঘোষণা কৰিছে প্ৰশান্ত কিশোৰে। তেওঁ কয় যে স্বাস্থ্যৰ পৰা আৰম্ভ কৰি কৰ্মসংস্থাপনলৈ বিহাৰৰ স্থিতি খুবেই বেয়া।

তেওঁ কয় যে বিহাৰ বহু পিছ পৰি আছে। লালু প্ৰসাদ আৰু নীতিশ কুমাৰে ৩০ বছৰ ধৰি কৰা শাসনৰ পাছতো পিছ পৰি আছে বিহাৰ।বিহাৰৰ উন্নতি কৰিবলৈ হলে সকলোৱে আগবাঢ়ি আহিব লাগিব।  যাৰ বাবে নতুন চিন্তা আৰু প্ৰয়াসৰ প্ৰয়োজন আছে।

প্ৰশান্ত কিশোৰে কয় মোৰ ওচৰত যি আছে সেয়া সকলো মই বিহাৰৰ নামত সমৰ্পন কৰিম। বিহাৰৰ ৰাইজৰ লগত কথা পাতি তেওঁলোকৰ সমস্য বুজিবলৈ চেষ্টা কৰিম।

উল্লেখ্য যে, সোমবাৰে প্ৰশান্ত কিশোৰে টুইট কৰি কৈছিল যে "গণতন্ত্ৰত অৰ্থপূৰ্ণ অংশীদাৰ আৰু জনসাধাৰণৰ পক্ষপাতী নীতি গঠন কৰা ১০ বছৰীয়া যাত্ৰা। এতিয়া মই নতুনকৈ আৰম্ভ কৰিম, এতিয়া প্ৰকৃত কাম কৰাৰ, মানুহৰ ওচৰলৈ যোৱা, বিষয়বোৰ ভালদৰে বুজি পোৱা আৰু 'জন সূৰজ'ৰ পথত যোৱাৰ সময়। 'বিহাৰৰ পৰা আৰম্ভ'। প্ৰশান্ত কিশোৰৰ এটা টুইটাৰৰ পাছতেই বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত আলোড়নৰ সৃষ্টি হৈছে। অৱশ্যে এতিয়াও প্ৰশান্ত কিশোৰে নিজা দল খুলাৰ কথা স্পষ্টভাৱে ঘোষণা কৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in