সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াৰ অধিকাৰ হ্ৰাস কৰিবঃ অস্তিত্বহীন হ'ব শিৱসাগৰ !

সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াৰ অধিকাৰ হ্ৰাস কৰিবঃ অস্তিত্বহীন হ'ব শিৱসাগৰ !
সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াৰ অধিকাৰ হ্ৰাস কৰিবঃ অস্তিত্বহীন হ'ব শিৱসাগৰ !

ডিজিটেল ডেস্কঃ দেশৰ নিৰ্বাচন আয়োগে ২০ জুন, ২০২৩ ত প্ৰকাশ কৰিলে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা। এই খচৰা প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শাসকীয়দলৰ লোকসকলে এই খচৰাক আদৰণি জনাইছে যদিও বিৰোধী পক্ষই এই খচৰাক লৈ সন্তুষ্ট নহয়।

ইয়াৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পাইছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে সামাজিক মাধ্যমত উল্লেখ কৰি কয়, সমষ্টি পুনৰ নিৰ্ধাৰণৰ যি খচৰা ওলাইছে সেই খচৰাত দেখিবলৈ পাইছো অসমৰ বিধানসভা সমষ্টিৰ ক্ষেত্ৰত খিলঞ্জীয়া মানুহৰ অধিকাৰ ক্ৰমান্বয়ে হ্ৰাস পাব।

অসমত এছ চিৰ এটা সমষ্টি বৃদ্ধি কৰা হৈছে। কিন্তু এই এছ চি সমষ্টিটো বঙালী হিন্দুসকলৰ বাবে মায়ং সমষ্টিটো সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। দ্বিতীয় কথা, শিৱসাগৰ সমষ্টিৰ পৰা ৰংঘৰ, কাৰেঙঘৰ আদিবোৰ আঁতৰাই দিব বিচৰা হৈছে। আটাইতকৈ ডাঙৰ কথা শিৱসাগৰ বিধানসভা সমষ্টিটো আছিল আহোমসকলৰ সংখ্যাগৰিষ্ঠ বিধানসভা সমষ্টি।

সেই আহোমসকলৰ সংখ্যাগৰিষ্ঠ সমষ্টিৰ পৰা তাক আঁতৰাই দিব খোজা হৈছে। সকলোৱে এই বিষয়টোত প্ৰতিবাদ কৰা উচিত। কাৰণ ৰংঘৰ, কাৰেঙঘৰ, তলাতল ঘৰ যদি শিৱসাগৰত নাথাকে তেনে শিৱসাগৰৰ অস্তিত্ব নাই। আহোমসকলৰ পৰম্পৰাগত এটা সমষ্টি সেই সমষ্টিটো হ্ৰাস কৰাটো নিশ্চয় আহোম মানুহবোৰে, অসমৰ খিলঞ্জীয়া মানুহবোৰে নিবিচাৰিব।

ইফালে এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে, খৰখেদাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা প্ৰকাশ কৰা প্ৰক্ৰিয়াক ন্যায় আৰু নিৰপেক্ষতাৰ প্ৰতি চূড়ান্ত অসন্মান। এক বিবৃতিত কয়, নিৰ্বাচন আয়োগে নিজৰ স্বতন্ত্ৰতা বিসৰ্জন দি কেৱল বিজেপি চৰকাৰৰ সুবিধা মতে এই অগণতান্ত্ৰিক পদক্ষেপ লৈছে। এয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ।

তেওঁ কয়, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি শীঘ্ৰে সমষ্টিৰ পুনৰ্নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পাব বুলি সদৰি কৰাৰ পাছতে খচৰা প্ৰকাশ কৰাটোৱে নিৰ্বাচন আয়োগে ড৹ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰৰ দ্বাৰা প্ৰভাৱিত হৈ খৰখেদাকৈ কেৱল তেওঁলোকৰ ভোটৰ অংক নিশ্চিত কৰাৰ বাবে উঠি পৰি লগাটো জল জল পট পট হৈ পৰিছে । বিজেপিৰ কুচক্ৰান্তত দেশৰ গণতন্ত্ৰৰ প্ৰতি এয়া আন এক কুঠাৰাঘাত ।

ৰিপুণ বৰাই কয়, এন আৰ চিৰ কাম সম্পূৰ্ণ নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ খৰখেদাকৈ খচৰা প্ৰকাশ কৰাটো সম্পূৰ্ণৰূপে অযুক্তিকৰ। এই খচৰা প্ৰস্তুত কৰিছে ২০০১ চনৰ লোকপিয়ল মতে । তৃণমূল কংগ্ৰেছৰ দাবী সমষ্টি পুনৰ নিৰ্ধাৰণ শেহতীয়া লোকপিয়ল মতে হওক।

ইয়াৰোপৰি টি এম চিৰ দাবী ২০২৬ ত যিহেতু সমগ্ৰ দেশতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ব সেয়ে মাত্ৰ কেইটামান বছৰ হাতত থকা সময়ত অসমত এই পদক্ষেপ লোৱাৰ প্ৰয়োজন নাই ।

সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াৰ অধিকাৰ হ্ৰাস কৰিবঃ অস্তিত্বহীন হ'ব শিৱসাগৰ !
আজি আন্তৰ্জাতিক যোগ দিৱস; দেশৰ প্ৰান্তে প্ৰান্তে বিশেষ প্ৰস্তুতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in