ৰেলত সুৰক্ষিত নহয় মহিলা : ছাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা কনিষ্টবলৰ

ৰেলত সুৰক্ষিত নহয় মহিলা : ছাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা কনিষ্টবলৰ

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ মহাবিদ্যালয়ৰ দুগৰাকী অধ্যাপকসহ মুঠ ১৪ গৰাকী ছাত্ৰ ছাত্ৰী যোৱা ২৩ অক্টোবৰত শিক্ষামূলক ভ্ৰমণত দিল্লী আৰু ৰাজস্থানলৈ গৈছিল। সেই দলটো দেওবাৰে নিশা নৰ্থ ইষ্ট এক্সপ্ৰেছ যোগে অসমলৈ উভতি অহাৰ সময়তে পুৱতি নিশা কিশান গঞ্জ ৰেল ষ্টেচনৰ সমীপত নবীন কুমাৰ সিং নামৰ বিহাৰ আৰক্ষীৰ এজন কনিষ্টবলে কেইবাগৰাকী ছাত্ৰীক ৰেলত শুই থকা সময়তে শ্লীলতা হানি কৰাৰ চেষ্টা চলায়।

এগৰাকী ছাত্ৰীয়ে চিঞৰ-বাখৰ লগোৱাত লগত যোৱা আন ছাত্ৰ-ছাত্ৰীসকলৰ তৎপৰতাত কনিষ্টবলজনক আটক কৰা হয়। তাৰ পিছতে বিশ্বনাথ মহাবিদ্যালয়ৰ দলটোয়ে ৰেল আৰক্ষীক বিষয়টো অৱগত কৰে যদিও ৰেল আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰি নিশাৰ সময়তে কিশান গঞ্জ ৰেল ষ্টেচনত ছাত্ৰ-ছাত্ৰীৰ দলটোক নামি যাবলৈ উপদেশ দিয়ে। কিন্তু ছাত্ৰ-ছাত্ৰীৰ দলটোয়ে কিশান গঞ্জত নানামি কনিষ্টবলজনক এন জে পি ষ্টেচনলৈ আনি ৰেলৱে আৰক্ষীক চমাজাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কিন্তু এন জে পি ষ্টেচন পোৱাৰ লগে লগে ৰেলৱে আৰক্ষীৰ প্ৰায় ৫০/৬০ জনীয়া দল এটাই ছাত্ৰ-ছাত্ৰীৰ দলটোৰ ভিতৰৰ ৰকিবুল নামৰ ছাত্ৰ জনৰ সৈতে প্ৰায় ৫গৰাকী ছাত্ৰ-ছাত্ৰীক ঘেৰাও কৰি থানালৈ লৈ অনাৰ চেষ্টা কৰে। পিছত ছাত্ৰ-ছাত্ৰীৰ দলটোয়েই সমস্ত ঘটনা এন জে পি ৰেলৱে আৰক্ষীক কয় যদিও এন জে পি আৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীৰ দলটোৰ কথাত বিশ্বাস নকৰি তেওঁলোককে জেৰা কৰিবলৈ ধৰে আৰু ছাত্ৰ ছাত্ৰীৰ দলটোৰ বিৰুদ্ধে আৰক্ষী কনিষ্টবলজনক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰে।

অৱশ্যে পিছত ছাত্ৰ-ছাত্ৰীৰ দলটোৰ কথাত পতিয়ন যায় এন জে পি ৰেলৱে আৰক্ষী।ফলত ছাত্ৰ-ছাত্ৰীৰ দলটোয়ে আটক কৰি অনা লম্পট কনিষ্ট বলজনৰ বিৰুদ্ধে এন জি পি ৰেলৱে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু কনিষ্টবলজনক এন জে পি ৰেলৱে আৰক্ষীয়ে আটক কৰে।

আনহাতে ছাত্ৰ-ছাত্ৰীৰ দলটো ৰাজধানী এক্সপ্ৰেছ যোগে গুৱাহাটী অভিমূখে পুনৰ যাত্ৰা আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। ইফালে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০চিন্তা মনি শৰ্মাই লম্পট কনিষ্ট বল গৰাকীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে ৰাজ্যৰ ডিজিপিক দাবী জনাইছে। এই ঘটনাই মহিলা তথা যুৱতীৰ বাবে ৰেলৰ যাত্ৰা যে বৰ্তমানো সুৰক্ষিত নহয়, এই কথা পুণৰবাৰ প্ৰমাণিত কৰিলে।

ৰেলত সুৰক্ষিত নহয় মহিলা : ছাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা কনিষ্টবলৰ
বহিঃ ৰাজ্যত পুনৰ নিৰুদ্দেশ অসমৰ লোক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in