চৰাইদেউত কংগ্ৰেছৰ সাংগঠনিক আলোচনা বৈঠক...

২০২৪ত লোকসভা নিৰ্বাচন । নিৰ্বাচনকলৈ প্ৰতিটো দলেই হৈছে সাজু । নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলেও ককালত বান্ধিছে টঙালি
চৰাইদেউত কংগ্ৰেছৰ সাংগঠনিক আলোচনা বৈঠক...

ডিজিটেল সংবাদ, চৰাইদেউঃ ২০২৪ত লোকসভা নিৰ্বাচন । নিৰ্বাচনকলৈ প্ৰতিটো দলেই হৈছে সাজু । নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলেও ককালত বান্ধিছে টঙালি । শুকুৰবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মাহমৰা আৰু লাকুৱা ব্লক কংগ্ৰেছ কমিটীৰ এখন সাংগঠনিক আলোচনা বৈঠক অনুষ্ঠিত হয় ।

মৰাণহাট উষাপুৰস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙ্গীয়াৰ বাসগৃহৰ প্ৰাংগনত অনুষ্ঠিত হয় বৈঠকখনিৰ । এই গুৰুত্বপূৰ্ণ সভাত আগন্তুক ২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলীয় সাংগঠনিক দিশৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনাৰে মাহমৰা সমষ্টিৰ কংগ্ৰেছে বান্ধিছে ককালত টঙালি।

এই বৈঠকত চৰাইদেউ জিলা কমিটিৰ সাধাৰণ সম্পাদক নৃপেন কোঁৱৰৰ লগতে জিলা বিষয়ববীয়া, মাহমৰা সমষ্টিৰ অন্তৰ্গত মাহমৰা আৰু লাকুৱা ব্লক কংগ্ৰেছ কমিটীৰ বিষয়ববীয়া, মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়া, গাওঁ পঞ্চায়তৰ বিষয়ববীয়া, মহিলা কংগ্ৰেছৰ লগতে চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈ, জিলা কংগ্ৰেছৰ উপ-সভাপতি আব্দুল মালিক, মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি পাৰ্থপ্ৰতিম সন্দিকৈ আৰু কেইবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী, নেতা উপস্থিত থাকে।

উক্ত বৈঠকত মাহমৰা সমষ্টিৰ যুৱ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙ্গীয়া আৰু জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক নৃপেন কোঁৱৰে কংগ্ৰেছ দলৰ নিৰ্দেশনা মতে "হাতত হাত ধৰি" আৰু "মোৰ বুথ মোৰ দায়িত্ব" এই কাৰ্যসূচীৰে কংগ্ৰেছ দলটোক শক্তিশালী ৰূপত আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনায়।

চৰাইদেউত কংগ্ৰেছৰ সাংগঠনিক আলোচনা বৈঠক...
দিল্লীৰ মহিলা মল্লযোদ্ধাসকলৰ প্ৰতি সমৰ্থন শাসকীয় দলৰ সাংসদৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in