বেকাজানত তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহঃ শিশু-মহিলা ভাওনা প্ৰদৰ্শন

শিৰোমণি শিল্পী সমাজৰ উদ্যোগত গোহাঁই গাঁৱৰ আতিথ্যত তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচী
বেকাজানত তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহঃ শিশু-মহিলা ভাওনা প্ৰদৰ্শন
বেকাজানত তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহঃ শিশু-মহিলা ভাওনা প্ৰদৰ্শন

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ বেকাজান গোহাঁই গাঁৱত শিৰোমণি শিল্পী সমাজৰ উদ্যোগত গোহাঁই গাঁৱৰ ৰাইজৰ আতিথ্যত তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ। সোমবাৰে এই উপলক্ষে পুৱা বৃক্ষৰোপণ কৰে সমাজকৰ্মী বুবুল দাসে আৰু বন্তি প্ৰজ্বলন কৰে ভদ্ৰকান্ত দাসে।

আনহাতে নাট্যদলৰ পতাকা উত্তোলন কৰে শান্তিৰাম আৰু শিক্ষক সুশীল ভৰালীয়ে। সন্ধিয়া প্ৰথম বাৰ্ষিক ভাওনা সমাৰোহখনি উদ্বোধন কৰে সমাজকৰ্মী সঞ্জীৱ হাজৰিকাই। শিল্পী তথা শিক্ষক দেৱজিত দাসে আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক তথা বৰহোলা প্ৰেছ ক্লাবৰ সভাপতি মণ্টুচ্ কোঁৱৰ।

ইয়াৰ পাছতে বেকাজান গোহাঁই গাঁৱৰ শিৰোমণি শিল্পী সমাজে নৃহিংস মুৰাৰী আৰু ৰামধেনু নাট্য গোষ্ঠীয়ে সুৰহাৰ শ্ৰীৰাম দৰ্শন ভাওনা দুখন মঞ্চস্থ কৰে। আনহাতে সমাৰোহত আজি অংকুৰণ শিশু সমাজৰ শিল্পীসকলে সন্ধিয়া বিপ্ৰদামোদৰ আখ্যান দন্তবক্ৰ মুক্তি লাভ ভাওনা মঞ্চস্থ কৰিব।

ভাওনাখন উদ্বোধন কৰিব অংশোকা বিদ্যাপীঠৰ সঞ্চালক সুশীল বৰদলৈয়ে, নিশা ৯ বজাত কৃষ্ণজ্যোতি নাট্য গোষ্ঠীৰ সিন্ধু মুনিৰ পিতৃ ভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ ভাওনা পৰিবেশন কৰিব। এই ভাওনাখন উদ্বোধন কৰিব তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গুণাৰাম নাথে।

কাইলৈ তৃতীয় দিনা সন্ধিয়া তিতাবৰৰ বংশীগোপাল নাট্যগোষ্ঠী মহিলাসকলে গজকেতু উপ্যাখান ভাওনা মঞ্চস্থ কৰিব। এই ভাওনাখন উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ললিত শইকীয়াই। নিশা নগাবাটৰ মণিকূট নাট্যগোষ্ঠীৰ শকুনি প্ৰতিশোধ ভাওনা পৰিবেশন কৰিব ।

বেকাজানত তিনিদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহঃ শিশু-মহিলা ভাওনা প্ৰদৰ্শন
'কা'ৰ নিয়মাৱলীক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ আছু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in