জিগনেশ মিৱানীক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী কংগ্ৰেছৰ

জিগনেশ মিৱানীক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী কংগ্ৰেছৰ

author-image
asomiyapratidin
New Update
জিগনেশ মিৱানীক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী কংগ্ৰেছৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰ: জিগনেশ মিৱানীক সাক্ষাৎ কৰিবলৈ কোকৰাঝাৰত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ।

Advertisment

জিগনেশ মিৱানীক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী কংগ্ৰেছৰ। হাতে হাতে বেনাৰ-ফেষ্টুন লৈ প্ৰতিবাদ কংগ্ৰেছৰ।কংগ্ৰেছৰ জিলা কাৰ্যালয়ৰ পৰা কোকৰাঝাৰ সদৰ থানালৈ প্ৰতিবাদী শোভাযাত্ৰা কৰে জিগনেশ মিৱানীক মুক্তিৰ দাবীত।

ভূপেন বৰাই কয় যে -ৃ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে জিগনেশ । গণতন্ত্ৰৰ কণ্ঠক ভয় কৰা হৈছে বিজেপিয়ে। গুজৰাটত বিজেপিৰ অৱস্থা বেয়া ।

বিজেপিৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি বৰাই কয় যে গুৱাহাটীৰ পৌৰ নিগমৰ নিৰ্বাচনত ভোটাৰে পুণৰাই সুযোগ দিছে বিজেপিক । তদুপৰি ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকালৈকে এআইইউডিএফৰ সতে মিত্ৰতা নহয় বুলি কয়।

আৰু পঢ়ক: প্ৰধানমন্ত্ৰীৰ টুইটঃ ধন্যবাদ গুৱাহাটী!

assam kokrajhar congress