কোকৰাঝাৰত কংগ্ৰেছৰ প্ৰতিবাদঃ বিজেপি চৰকাৰক তুলাধুনা...

কোকৰাঝাৰত কংগ্ৰেছৰ প্ৰতিবাদঃ বিজেপি চৰকাৰক তুলাধুনা...
কোকৰাঝাৰত কংগ্ৰেছৰ প্ৰতিবাদঃ বিজেপি চৰকাৰক তুলাধুনা...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জীৱন বীমা নিগমৰ কাৰ্যালয়ৰ সন্মুখত আজি কংগ্ৰেছে বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্থ্য কৰে। প্ৰদেশ কংগ্ৰেছৰ মহিলা গোটৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেৰ্তৃত্বত কোকৰাঝাৰত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত মীৰা বৰঠাকুৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ।

নৰেন্দ্ৰ মোডীৰ চৰকাৰ সপোন বিক্ৰী কৰা চৰকাৰ বুলি মন্তব্য কৰি মীৰা বৰঠাকুৰে কয় যে, সবকা সাথ,সবকা বিকাশৰ নামত অকল আদানী, আম্বানীক হে দেখা পালে নৰেন্দ্ৰ মোডীয়ে। এচ বি আইৰ ৪.২ লাখ কোটি টকা আৰু এল আই চিৰ ১৮৬৩৬ কোটি টকা পানীত পেলালে বুলি মন্তব্য কৰি ক'লাধন ঘূৰাই অনাৰ সলনি ৰাইজৰ কষ্টোপাৰ্জিত ধন পুঁজিপতিক গতালে আৰু ৰাষ্ট্ৰনিৰ্মাণৰ ধাৰাটো পুঁজিপতিক চমজাই দিলে ।

নৰেন্দ্ৰ মোডীৰ চৰকাৰ থাকিলে ৰাইজৰ ভৰিৰ তলৰ মাটিও নোহোৱা হ'ব আৰু সেয়ে সময় থাকোতেই ৰাজনৈতিকভাৱে প্ৰত্যুত্তোৰ দিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাই আদানি, আম্বানিয়ে কি যোগ্যতাৰ ভিত্তিত বিশাল ধন লাভ কৰিলে সেয়া উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে বুলি মন্তব্য কৰে মীৰা বৰঠাকুৰে। 'সব কা সাথ, সব কা বিকাশ', আচ্ছে দিনৰ শ্লোগান দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৃষ্ঠপোষকতাত "বন্ধু " আদানিয়ে ভাৰতীয় জীৱন বীমা নিগম আৰু ষ্টেট বেংক অব ইণ্ডিয়াৰ কোটি কোটি গ্ৰাহকৰ কষ্টোপাৰ্জিত ধন লুট কৰাৰ প্ৰতিবাদ কংগ্ৰেছে অব্যাহত ৰাখিব বুলি মন্তব্য কৰে মীৰা বৰঠাকুৰে।

তেওঁ সাধাৰণ জনতাৰ সঞ্চিত ধনৰ নিৰাপত্তা দিবলৈ দাবী উত্থাপন কৰিছে । ইপিনে বাল্যবিবাহক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰে। কংগ্ৰেছে সদায় বাল্য বিবাহৰ বিৰোধিতা কৰি আহিছে বুলি মন্তব্য কৰি এক ৰাতিৰ চমৎকাৰ সলনি বাল্যবিবাহৰ কাউঞ্চিলিং কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ।

বাল্য বিবাহ হোৱাৰ লগে লগে উদ্ধাৰ কৰক আৰু কাউঞ্চিলিং কৰক বুলি মন্তব্য কৰি মীৰা বৰঠাকুৰে কয় যে, পূৰ্বতে মাটিৰ দালাল , ড্ৰাগছৰ বিৰুদ্ধেও অভিযান চলাইছিল আৰু গুলী পৰ্যন্ত কৰিছিল। কিন্তু ড্ৰাগছমুক্ত, দালালমুক্ত হ'লনে বুলি প্ৰশ্ন উত্থাপন কৰে।কাৰোবাৰ জীৱন মৃত্যুৰ সতে খেলা বন্ধ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ।

কোকৰাঝাৰত কংগ্ৰেছৰ প্ৰতিবাদঃ বিজেপি চৰকাৰক তুলাধুনা...
CBI য়ে গ্ৰেপ্তাৰ কৰিলে উত্তৰ পূব সীমান্ত ৰে'লৱেৰ দুই বিষয়া আৰু এজন ঠিকাদাৰক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in