গৌৰৱ গগৈয়ে য'তেই নিৰ্বাচন খেলে তাতেই জয়ী হ'ব : কংগ্ৰেছ

বঢ়মপুৰ সমষ্টিৰ কঠীয়াতলীত নগাঁও জিলা কংগ্ৰেছে সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলখনত মন্ত্ৰী পীয়ুষ হাজৰিকাক উভতি ধৰিলে নগাঁও জিলা কংগ্ৰেছে ৷

author-image
Asomiya Pratidin
New Update
গৌৰৱ গগৈয়ে য'তেই নিৰ্বাচন খেলে তাতেই জয়ী হ'ব : কংগ্ৰেছ

ডিজিটেল সংবাদ ,কামপুৰ: বঢ়মপুৰ সমষ্টিৰ কঠীয়াতলীত নগাঁও জিলা কংগ্ৰেছে সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলখনত মন্ত্ৰী পীয়ুষ হাজৰিকাক উভতি ধৰিলে নগাঁও জিলা কংগ্ৰেছে ৷

Advertisment

সাংসদ গৌৰৱ গগৈ কাজিৰঙাৰ পৰা নিৰ্বাচনত পৰাস্ত হোৱাৰ ভয়ত পলাইছে বুলি কৰা মন্তব্যৰ বিৰুদ্ধে জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই মন্তব্য কৰে যে গৌৰৱ গগৈয়ে য'তেই নিৰ্বাচন খেলে তাতেই জয়ী হ'ব ৷ ইফালে কালি বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কঠীয়াতলীত অনুষ্ঠিত হোৱা বিজেপি জনসভাত দুই হাজাৰ কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰা বুলি হোৱা প্ৰচাৰ সম্পূৰ্ণ মিছা বুলি দাবী কৰে। লগতে কোনো কংগ্ৰেছৰ সক্ৰীয় কৰ্মী বিজেপিত যোগদান কৰা নাই বুলি মন্তব্য কৰে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই।

বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে বিজেপি চৰকাৰে জনসাধাৰণক ঋণ লৈ অসম বাসীক ঘিউ খুৱাব খুজিছে বুলি মন্তব্য কৰে । আনহাতে ন-বিজেপি সুৰেশ বৰাক জাৱৰৰ আখ্যা দিয়ে জিলা কংগ্ৰেছৰ উপসভানেত্ৰী মলয়া বৰঠাকুৰে ৷ সুৰেশ বৰাই কংগ্ৰেছ ত্যাগ কৰাত দলৰ কোনো ক্ষতি নহয় বুলি সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে । নিজৰ স্বাৰ্থৰ বাবেহে বিজেপিত যোগদান কৰে বুলি মন্তব্য কৰে ।

আনহাতে এ আই ইউ এফৰ লগত কংগ্ৰেছে মিত্ৰতা নকৰিলে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ শূণ্য  হ'ব বুলি কোৱা এ আই ইউ এফৰ সভাপতি বদৰুদ্দিন আজমলক কটাক্ষ কৰিছে জিলা কংগ্ৰেছে । কোনে কাৰ লগত মিত্ৰতা কৰিব সেইয়া কংগ্ৰেছে বিবেচনা কৰিব, বদৰুদ্দিন আজমলে নকলেও হ'ব বুলি মন্তব্য কৰে সংবাদ মেল খনত  ৷ সংবাদ মেলত নগাঁও জিলা সাধাৰণ সম্পাদক ৰুহিনী বৰুৱা, চুৰেন শইকীয়া, দীপ দাস, কঠীয়াতলী বিচিচি সভাপতি দাৰুদুল ইছলাম, বঢ়মপুৰ বিচিচি সভাপতি ৰঞ্জিত বৰা, সম্পাদক দুলাল দেৱনাথৰ লগতে বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে ।

Also Read: বিতৰ্কৰ অন্ত! ঘোষণা হ'ল মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ নাম

congress bjp