পোহনীয়া কুকুৰৰ বাবেই দুজনক গুলীয়াই হত্যা...

পোহনীয়া কুকুৰৰ বাবেই ৰাজপথত গুলীয়াই হত্যা দুজনক, ৬জন পথচাৰী আহত

author-image
Asomiya Pratidin
New Update
পোহনীয়া কুকুৰৰ বাবেই  দুজনক গুলীয়াই হত্যা...

ডিজিটেল ডেস্কঃ পোহনীয়া কুকুৰৰ মাজত হোৱা কাজিয়াৰ বাবেই মালিকৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ ফলত বৃহস্পতিবাৰে ইন্দোৰত দুজন লোকৰ মৃত্যু হয়। বেংকৰ নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত ৰাজপাল সিং ৰাজাৱটে যোৱা নিশা নিজৰ বেলকনিৰ পৰা গুলীচালনা কৰি দুজন লোকৰ হত্যা কৰাৰ লগতে ৬ জন লোকক আহত কৰে।

Advertisment

আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি, নিশা ১১ বজাত ইন্দোৰৰ কৃষ্ণবাগ কলনীৰ এটা সৰু পথত ৰাজাৱট আৰু তেওঁৰ চুবুৰীয়া বিমল আচালাই তেওঁলোকৰ পুহনীয়া কুকুৰ দুটাক ফুৰাই থকা অৱস্থাতে দুয়োটা কুকুৰৰ মাজত কাজিয়াৰ সৃষ্টি হয়। কিছুসময় পিছতে দুই পোহনীয়া জন্তুৰ মাজত আৰম্ভ হোৱা কাজিয়া মালিকপক্ষলৈও বিয়পি পৰে। তাৰ পিছত ৰাজাৱটে দৌৰি গৈ প্ৰথম মহলাত থকা নিজৰ ঘৰৰ পৰা ১২ ব’ৰ ৰাইফল  এটা আনি আচালাৰ ওপৰত গুলীচালনা কৰে।

ইন্দোৰৰ নিপানিয়া অঞ্চলত চেলুন চলাই জীৱন নিৰ্বাহ কৰা বিমল আচালাৰ লগতে ২৭ বছৰীয়া ৰাহুল বাৰ্মাৰো এই গুলীচালনাৰ ফলত মৃত্যু হয়। গুলীবিদ্ধ হোৱাৰ পিছত দুয়োকে ততাতয়াকৈ নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে।

ৰাজপাল সিং ৰাজাৱটে কৰা এই গুলীবৰ্ষণৰ ফলত ৰাজপথত থকা অন্য ৬ জন লোকো আঘাতপ্ৰাপ্ত হয়। ইয়াৰে দুজন গুৰুতৰভাৱে আহত হোৱা বুলি আৰক্ষীয়ে জানিব দিয়ে।

আৰক্ষীয়ে জনোৱা মতে, ৰাজাৱটৰ লগতে তেওঁৰ পুত্ৰ সুধীৰ আৰু আন এজন আত্মীয় শুভামকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। লগতে তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে বুলিও উল্লেখ কৰে।

Also Read: মৃত্যু উপত্যকালৈ পৰিণত হৈছে কাইফলাংচু জলপ্ৰপাত....

police indore