/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/uivnh8ns/52fc4d7c-00b4-4a55-ac23-35d1ca416739.jpg)
ডিজিটেল সংবাদ, চাপৰ : পঞ্চায়তৰ সীমা নিৰ্দ্ধাৰণক লৈ অসন্তুষ্ট চাপৰ শালকোচা উন্নয়ন খণ্ডৰ অধীনস্থ পুঠিমাৰী গাওঁ পঞ্চায়তৰ শিমলাবাৰী প্ৰথম খণ্ড গাঁৱৰ ৰাইজ। সীমা নিৰ্দ্ধাৰণক লৈ ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ ধুবুৰী জিলাৰ পঞ্চায়তখনৰ ৰাইজৰ।
অপৰিকল্পিতভাৱে বহু পঞ্চায়তৰ সৈতে আন পঞ্চায়তৰ গাঁও সংলগ্ন হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে। ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব বুলি ৰাইজে উদ্বেগ প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/63lueewk/52fc4d7c-00b4-4a55-ac23-35d1ca416739.jpg)
পঞ্চায়তৰ সীমা নিৰ্দ্ধাৰণত নামত পুঠিমাৰী গাঁও পঞ্চায়তৰ পৰা শিমলাবাড়ী প্ৰথম খণ্ড গাঁও কৰ্তন কৰি ধীৰেৰচৰ তাৰাংগাপুৰ পঞ্চায়ত অন্তৰ্ভূক্ত কৰিছে। ফলত ক্ষুব্ধ হৈ পৰে গাঁৱখনৰ ৰাইজ। এনে সিদ্ধান্তৰ বিৰূদ্ধে ৰাইজে পুঠিমাৰী বজাৰস্থিত গড়কাপ্তানী পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ দাবী পূৰ্বৰ পঞ্চায়তত বাহাল ৰাখক শিমলাবাড়ী প্ৰথম খণ্ড গাঁও।
Also Read: খামটিঘাটত যুৱকৰ সলিল সমাধি