হিমন্ত বিশ্ব শৰ্মাক ১৯ এপ্ৰিলৰ আগত মুকলি বিতৰ্কত বহাৰ বাবে প্ৰত্যাহ্বান ভূপেন বৰাৰ

মেৰাপানীত কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীৰ নিৰ্বাচনী প্ৰচাৰ, তিৰ্কীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে জীতেন্দ্ৰ সিং,পৃথ্বীৰাজ সাৰ্থে, ভূপেন বৰা, বিধায়ক অখিল গগৈ, নন্দিতা দাস আদিয়ে

author-image
Asomiya Pratidin
New Update
হিমন্ত বিশ্ব শৰ্মাক ১৯ এপ্ৰিলৰ আগত মুকলি বিতৰ্কত বহাৰ বাবে প্ৰত্যাহ্বান ভূপেন বৰাৰ

ডিজিটেল সংবাদ,মেৰাপানী : দেওবাৰে মেৰাপানীত কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যসূচী অনুষ্ঠিত হয়। তীৰ্কীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিং,পৃথ্বীৰাজ সাৰ্থে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ, নন্দিতা দাস আদিয়ে।

Advertisment

উক্ত নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যসূচীত বিজেপিক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰে কংগ্ৰেছে। বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক চালানী আখ্যা লগতে তাছাক ফুটবলৰ লগত তুলনা কৰি বিজেপিয়ে চাহ জনজাতি লোকক বঞ্চিত কৰা বুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে।

বিজেপিক সমালোচনা কৰি ভূপেন বৰাই পদুম ফুল এইবাৰ ফুলাব নালাগে গোলাপ ফুল ফুলাবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যিকোনো ঠাইত ১৯ এপ্ৰিলৰ আগত মুকলি বিতৰ্কত বহাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰত্যাহ্বান জনায়।

অখিল গগৈয়ে কয়- এতিয়া মোডীক বিদায় দিয়াৰ সময় ! হিমন্ত বিশ্ব শৰ্মা অসমৰ দুই নম্বৰী মানুহ বুলি বিধায়ক গগৈয়ে আখ্যা দিয়ে। আনহাতে জীতেন্দ্ৰ সিঙে কয়- অসমত মাফিয়াৰাজ চলিছে। অসমক বিক্ৰী কৰিছে বিজেপি চৰকাৰে। অসমৰ কলাকৃষ্টি সংস্কৃতি সকলো বিজেপিয়ে ধ্বংস কৰিছে।

ইয়াৰোপৰি সিঙে কয়- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ১৪ টা সমষ্টিতে জিকিম বুলি দম্ভালি মাৰি এতিয়া ভয়তে অৰণোদয় আঁচনিৰ নকল ফৰ্ম বিতৰণ কৰি ফুৰিছে বুলি কটাক্ষ কৰে। এইদৰেই আজি কংগ্ৰেছে মেৰাপানীত বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিক সমালোচনা কৰা পৰিলক্ষিত হয়।

Also Read: সংখ্যালঘু অঞ্চলত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ

Bhupen Kumar Borah Roselina Tirkey merapani assam congress LOKSABHA 2024 Jitendra Singh Alwar