/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-24/pri7j5jv/e5a4bebc-cb5b-4ae2-b90a-92b0600263ed.jpg)
ডিজিটেল ডেস্ক : আসন্ন উপ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চামগুৰিত বৃহস্পতিবাৰে কংগ্ৰেছৰ নেতা- কৰ্মী তথা সমৰ্থকসকলে বাহিৰ কৰিছে এক বিশাল ৰেলী। এই ৰেলী সমষ্টিটোৰ লাওখোৱা ব্লকৰ পৰা আৰম্ভ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-24/r63tp7sj/d5c80fa4-00f4-475d-b750-a416cd8f4562.jpg)
দলীয় সমৰ্থকসকলে উলিওৱা এই ৰেলীৰ মাজেৰে গৈ সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে দাখিল কৰিব মনোনয়ন পত্ৰ। পিছে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ পথতে সৃষ্টি হৈছে সংঘাতৰ। জানিব পৰা মতে একাংশ কংগ্ৰেছী সমৰ্থক আৰু বিজেপিৰ সমৰ্থকৰ উভয় পক্ষৰ মাজত সৃষ্টি হৈছে বাক-বিতণ্ডাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-24/i5m4hytt/84b2efe7-889f-4e3f-9345-d46d08e0fe65.jpg)
এই বাক-বিতণ্ডাই দুয়ো পক্ষৰ মাজত হতাহতি পৰ্যন্ত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাত এতিয়ালৈকে কোনো লোকৰ ক্ষয়-ক্ষতি সন্দৰ্ভত জানিব পৰা হোৱা নাই। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সম্প্ৰতি চেষ্টা চলাই আছে।
Also Read: তেজপুৰত গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান বিহালীৰ প্ৰাৰ্থী জয়ন্তৰ