কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা' গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ বৃহস্পতিবাৰে ২০ দিনৰ দিনা পুৱা অসম প্ৰদেশ কংগ্ৰেছৰ দল আহি উপস্থিত হয় গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত।

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা' গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ বৃহস্পতিবাৰে ২০ দিনৰ দিনা পুৱা অসম প্ৰদেশ কংগ্ৰেছৰ দল আহি উপস্থিত হয় গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, নগাঁও লোকসভা সমষ্টিৰ প্ৰদ্যুৎ বৰদলৈ, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাকে আদি কৰি কেইবাগৰাকী দলীয় নেতা কৰ্মীয়ে জাতীয় সাজ পৰিধান কৰি বটদ্ৰৱা থানত শৰাই নৈবেদ্য আগবঢ়াই।

Advertisment

কীৰ্তন ঘৰত সেৱা আগবঢ়াই সভাপতি ভূপেন বৰাই "পৰবৰ্তী সময়ত দুপৰীয়া বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়াৰ পৰা লাচিত দিৱস আৰু ভাৰত জোড়ো কাৰ্য্যসূচী আৰম্ভ কৰি ধিং সমষ্টিটো কেইবাটাও কাৰ্য্যসূচী অনুষ্ঠিত" কৰিব বুলি জানিবলৈ দিয়ে।

আৰু পঢ়ক: বিজেপি শাসিত মধ্যপ্ৰদেশত উপস্থিত কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা', জনতাৰ সমৰ্থন...

assam nagaon congress