himanta
himanta

৫০ কোটি লোকচানত বিক্ৰী হ'ব কাগজ কলৰ অৱশিষ্ট যন্ত্ৰাংশ

ৰাজকোষত মাধমাৰ সোধাই চৰকাৰৰ কোনো ঘনিষ্ঠ ঠিকাদাৰত ৫০ কোটি টকা লোকচানত এই যন্ত্ৰাংশ বিক্ৰীৰ পৰিকল্পনা কৰিছে চৰকাৰে।

ডিজিটেল ডেস্ক: বন্ধ কৰি দিয়া কাগজ কলৰ অৱশিষ্ট যন্ত্ৰাংশ বিক্ৰীৰ পৰিকল্পনা কৰিছে চৰকাৰে। ৰাজকোষত মাধমাৰ সোধাই চৰকাৰৰ কোনো ঘনিষ্ঠ ঠিকাদাৰত ৫০ কোটি টকা লোকচানত এই যন্ত্ৰাংশ বিক্ৰীৰ পৰিকল্পনা কৰিছে চৰকাৰে।

এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। কংগ্ৰেছৰ মতে জাগীৰোড কাগজ কল আৰু কাছাৰৰ পাঁতগ্ৰাম কাগজ কল বন্ধ কৰি দিয়াৰ পাছত এইবাৰ জাগীৰোড কাগজ কলৰ অৱশিষ্ট যন্ত্ৰাংশ বিক্ৰীৰ নামত বিয়াগোম জালিয়াতিৰ আশ্ৰয় লৈছে চৰকাৰে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সৰ্বোচ্চ নিৰিখ দিবলৈ প্ৰস্তুত নিবিদাকাৰীক বঞ্চিত কৰি প্ৰায় ৫০ কোটি টকাৰ লোকচানত পছন্দৰ প্ৰতিষ্ঠানত জাগীৰোড কাগজ কলৰ ক্ৰেপ ক্ৰয় কৰাৰ কাম দিয়াৰ সিদ্ধান্ত লৈছে।

বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি মনজিত মহন্তই এই গুৰুতৰ অভিযোগ উত্থাপন কৰে। লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৈতৃক সম্পত্তিৰ দৰে সকলো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।

অভিযোগ অনুসৰি ক্ৰেপ ক্ৰয় কৰিব বিচৰা তিনিটাকৈ প্ৰতিষ্ঠানক অযোগ্য দেখুৱাই মুখ্যমন্ত্ৰীৰ পছন্দৰ জনৈক 'গোৱেংকা' মালিকাধীন প্ৰতিষ্ঠানক ৫০ কোটি টকাৰ লোকচানত কাম দিবলৈ থিৰাং কৰিছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in