চিৰাঙৰ বিজনীত মোবাইল চোৰৰ বিলৈ...

chirang
chirang

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ বিজনীৰ সুন্দৰবনত মোবাইল হেণ্ডচেট চুৰি কৰিবলৈ আহি গৃহস্থৰ হাতত বন্দী হ'ল এটা মোবাইল চোৰ। বাসগৃহৰ পৰা কৌশলেৰে মোবাইল ফোন চুৰ কৰি পলায়ন কৰাৰ সময়তে গৃহস্থই দেখি চোৰটোক খেদি খেদি গৈ বিজনী অৰুণোদয় জাতীয় বিদ্যালয়ৰ সমীপত ধৰিবলৈ সক্ষম হয়।

পিছত ৰাইজৰ সহযোগত চোৰটোক বিদ্যুতৰ খুটাত বান্ধি ৰাখে। ধৃত চোৰটো বঙাইগাঁওৰ শাকতোলা গাঁৱৰ ৰুহুল আলী(২০)। বিজনীৰ সুন্দৰবন নিৱাসী সুকুমাৰ ব্ৰহ্মৰ বাসগৃহত দেওবাৰে ৰুহুল আলীয়ে অ'প' মোবাইল হেণ্ডচেট এটা চোৰ কৰি পলায়ন কৰিবলৈ লওতেই গৃহস্থৰ সন্মুখত ধৰা পৰে।

পিছত সুকুমাৰ ব্ৰহ্মই বিজনী থানাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চোৰটোক গ্ৰেপ্তাৰ কৰি বিজনী থানালৈ লৈ যায়। উল্লেখ্য যে চোৰটোৰ জেপৰ পৰা উক্ত মোবাইল হেণ্ডচেটৰ লগতে বহুত খুচুৰা পইচা জব্দ কৰে। চোৰটোৱে বিজনীৰ বিভিন্ন মন্দিৰৰ দান পাত্ৰৰ পৰাও পইচা চুৰি কৰাৰ কথা স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in