বৰদলনি শিশু উন্নয়ন প্ৰকল্পৰ বাল্য বিবাহ বিৰোধী সজাগতা সভা

বৰদলনি শিশু উন্নয়ন প্ৰকল্পৰ বাল্য বিবাহ বিৰোধী সজাগতা সভা

ডিজিটেল সংবাদ, ঢকুৱাখনা : সাম্প্ৰতিক সমাজ ব্যৱস্থাত অভিশাপ স্বৰূপ হৈ থিয় দিয়া বাল্য বিবাহৰ প্ৰতিৰোধ আৰু এই সামাজিক ব্যাধি নিৰ্মূল কৰাত সমাজৰ প্ৰতি গৰাকী নাগৰিকৰ কৰণীয় অধিক। সামাজিক অভিশাপ স্বৰূপ এই  সংবিধান বিৰুদ্ধ আৰু অনৈতিক কাৰ্যৰ বিৰুদ্ধে ৰাইজ সজাগ আৰু সচেতন নহ'লে এই দুষ্কাৰ্য নিৰ্মূল কৰাটো অসম্ভৱ।

সেয়ে সমাজৰ প্ৰতিগৰাকী সচেতন নাগৰিকে ঐক্যবদ্ধভাৱে এই ব্যাধিৰ বিৰুদ্ধে সচেতন হৈ এখন সুস্থ সবল সমাজ গঠনত অংশীদাৰ হোৱাত মনোনিবেশ কৰাটো সময়ৰ আহ্বান। শুক্ৰবাৰে ঢকুৱাখনা মহকুমাৰ বৰদলনি সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত বাল্য বিবাহ বিৰোধী সজাগতা সভাত এই আহ্বান জনায়। 

শুক্ৰবাৰে সোনাৰী চাপৰি অঞ্চলৰ বালিজান কছাৰী অংগনৱাদী কেন্দ্ৰ প্ৰাংগণত এই সন্দৰ্ভত অনুষ্ঠিত কৰা হয় বাল্য বিবাহ প্ৰতিৰোধ সম্পৰ্কত সজাগতা সভা। প্ৰকল্পটোৰ উদ্যোগত আৰু  প্ৰকল্পৰ মুখ্য সেৱিকা মিনু দাস বৰাৰ সহযোগিতাত দুপৰীয়া অনুষ্ঠিত সজাগতা সভাত সভাপতিত্ব কৰে বালিজান কছাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ৰাম সোনোৱালে ।

অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক পুৰুষ মহিলা উপস্থিত থকা সজাগতা সভাত মুখ্য সেৱিকা মিনু দাস বৰা, শিক্ষক গুণ দিহিঙীয়া আদিয়ে বিষয় বস্তুৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই। সভাৰ  পূৰ্বে গ্ৰামাঞ্চলিয় ৰাইজৰ মাজত বাল্য বিবাহৰ নেতিবাচক প্ৰভাৱ আৰু ইয়াৰ বিৰুদ্ধে ৰাইজক সচেতন কৰাৰ উদ্দেশ্যেৰে  অংগনৱাদী কৰ্মী ,সহায়িকা ,ছাত্ৰ ছাত্ৰীৰ সহযোগিতাৰে বেনাৰ ,প্লে'কাৰ্ড লৈ এক সজাগতা ৰেলী উলিয়াই সমগ্ৰ গ্ৰামাঞ্চল পৰিভ্ৰমণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in