
ডিজিটেল সংবাদ, ঢকুৱাখনা : গ্ৰাম্য দৰিদ্ৰ ,উপাৰ্জনহীন পৰিয়ালৰ মৌলিক অধিকাৰ নিশ্চিতকৰণৰ লক্ষ্যৰে ৰূপায়িত এখন গ্ৰামোন্নয়ন আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) । কেন্দ্ৰীয় চৰকাৰৰ অৰ্থসাহায্যপ্ৰাপ্ত এইখন আঁচনি সঠিক ৰূপায়ণৰ বেলিকা এচাম ধুৰন্ধৰ জনপ্ৰতিনিধিয়ে ঢকুৱাখনা মহকুমাত নিৰ্বিচাৰ হাৰত চলাই গৈছে দুৰ্নীতি স্বজন তোষণ আৰু অনিয়ম ।
জানিব পৰা মতে শেহতীয়াভাৱে ঢকুৱাখনা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত সোনাৰী চাপৰি গাঁও পঞ্চায়তত এই আঁচনিৰ নামত পৰ্বতসম অনিয়ম সংঘটিত হোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈ আহিছে। একাংশ পঞ্চায়ত প্ৰতিনিধিৰ পৃষ্ঠপোষকতাত সূত্ৰপাত ঘটা এনে অনিয়মৰ সন্দৰ্ভত সংবাদমেলযোগে প্ৰামানিক তথ্য ৰাজহুৱা কৰিলে সোনাৰী চাপৰি মণ্ডল কংগ্ৰেছ সমিতি আৰু যুৱ কংগ্ৰেছ সমিতিয়ে।
সোনাৰী চাপৰি জনজাতি জনজাতি ভৱন প্ৰাংগণত শুক্ৰবাৰে দুপৰীয়া অনুষ্ঠিত সংবাদমেলত পঞ্চায়তখনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ নামত পঞ্চায়ত সভাপতি মঞ্জিত সোণোৱালৰ নেতৃত্বত অন্য ৱাৰ্ড সদস্য আৰু কৰ্মচাৰীসকলৰ সহযোগত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ প্ৰামানিক তথ্য সদৰি কৰি মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়া কেশৱ নাথে কয় পঞ্চায়তখনত চৰকাৰী বেতন ভোগী কৰ্মচাৰী , পকী ঘৰ বিশিষ্ট আৰু আৰ্থিক ভাৱে স্বচ্ছল ব্যক্তিয়ে এই আঁচনি লাভ কৰাৰ বিপৰীতে প্ৰকৃত দৰিদ্ৰ, বিশেষ ভাবে সক্ষম ব্যক্তি বা পৰিয়ালে বছৰ বছৰ ধৰি লাভ কৰা নাই এই আঁচনি ।
নাথে কয় এ এছ ০০০৯/৪/৪৯২ নম্বৰৰ আই ডিটোৰ বিপৰীতে বিজু মণি চুতীয়া নামৰ যি গৰাকী ব্যক্তিয়ে এই আঁচনি লাভ কৰিছে সেই গৰাকী পকী ঘৰ সম্পন্ন ব্যক্তি আৰু সমাজ কল্যান বিভাগৰ কৰ্মচাৰী । তদ্রুপভাবে একে ঘৰতে দুই গৰাকী ব্যক্তিয়ে এই আঁচনি লাভ কৰা ,বিবাহ পাশত আবদ্ধ নোহোৱা ব্যক্তিয়ে আই ডি লাভ কৰা, বিশেষ ভাবে সক্ষম ব্যক্তিয়ে এনে আঁচনি লাভ নকৰা আদি বিভিন্ন অনিয়ম এই পঞ্চায়তখনত সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে নেতৃবৰ্গই।
পঞ্চায়তখনৰ তৰফৰ পৰা প্ৰস্তুত কৰা হিতাধিকাৰী তালিকাত ৫০ শতাংশই ভুৱা আৰু অযোগ্য ব্যক্তিৰ প্ৰয়োভৰ ঘটিছে বুলি জানিবলৈ দি এই দুৰ্নীতি ফাদিল হোৱাৰ পাছত থৰকাচুটি হেৰুৱাই এনেবোৰ দুৰ্নীতিগ্ৰস্তই হিতাধিকাৰী একাংশক ভয় ভাবুকি দিয়া অশুভ পৰম্পৰা অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে । উন্মোচিত তথ্য ৰাজহুৱা কৰি সংবাদ মাধ্যমত পঞ্চায়তখনৰ অনিয়ম দুৰ্নীতি প্ৰকাশ হোৱাৰ পাছত এনেবোৰ পঞ্চায়ত প্ৰতিনিধিয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰি অহাৰো তথ্য সদৰী কৰে মণ্ডল কংগ্ৰেছ সমিতিয়ে ।
গেৰুৱা দল আৰু মিত্ৰ জোঁটৰ দখলত বিগত প্ৰায় ১০ টা বছৰে থকা এই পঞ্চায়তখনৰ প্ৰকৃত উপাৰ্জনহীন দৰিদ্ৰ ৰাইজৰ পৰিবৰ্তে ধনৱন্ত সকলক এই আঁচনি প্ৰদান কৰি প্ৰকৃতাৰ্থত পি এম এ ৱাই আঁচনিখন গেৰুৱা দলৰ জনপ্ৰতিনিধি সকলে ধোঁৱাচাঙত উঠোৱা বুলি অভিযোগ উত্থাপন কৰে সংবাদমেলত । গ্রামাঞ্চলৰ নিৰ্বোধ হিতাধিকাৰী সকলে এই নীতিবৰ্হিভূত কাৰ্যৰ প্ৰতিবাদ কৰিলেই দাম্ভিক আচৰণ পঞ্চায়ত প্ৰতিনিধি সকলে প্রদর্শন কৰি অহা বুলি জানিবলৈ দি এনে উন্নাসিক আচৰণ নকৰিবলৈ আহ্বান জনায়।
চৰকাৰী আঁচনিৰ নামত অব্যাহত থকা এই দুৰ্নীতি অনিয়মৰ উচিত তদন্ত কৰাৰ বাবে বিধায়ক নব দলে , উপায়ুক্ত শোণিত সত্বাৱনক সংবাদমেলৰ জৰিয়তে আহ্বান জনায়।