/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0f7cc8af-8d8e-4e93-8d2c-c75a4cc1c115/dhakuwakhana_new.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমা সমবায় সমিতি সমূহৰ উপ পঞ্জীয়কৰ কাৰ্য্যালয়ৰ অন্তৰ্গত খেৰকটা সমবায় সমিতিয়ে অসম সমবায় নিৰ্বাচন বিধি ২০১৯ উলংঘা কৰি ২০২৩-২০২৮ বর্ষৰ নিৰ্বাচন অনুষ্ঠিত কৰাত উঠি পৰি লাগিছে। এই অভিযোগ সমবায় সমিতিখনৰ দীপক পেগু আৰু গোপাল দলেকে প্ৰমুখ্য কৰি একাংশ অংশীদাৰীৰ ।
শনিবাৰে সংবাদ মাধ্যমক এই অভিযোগ উত্থাপন কৰিছে এইসকল অংশীদাৰীয়ে । লখিমপুৰ জিলা উপায়ুক্ত আৰু সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা পত্ৰখনত অংশীদাৰী ভোটাৰ তালিকাখন সংশোধন নকৰাকৈ নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা কাৰ্যক গৰিহণা দি গত সঞ্চালক মণ্ডলীয়ে প্ৰস্তুত কৰা যোগ্য ভোটাৰ তালিকাখন অসম সমবায় নিৰ্বাচন বিধি ২০১৯ অনুসৰি সংশোধন নকৰাকৈ নিজ খেয়াল খুচি মতে বহু মৃত, অচিনাকি অংশীদাৰ ,বহু বছৰৰ আগতে সমবায়খনৰ বাহিৰত স্থায়ীভাৱে বাস কৰা, বিবাহ সূত্ৰে বাহিৰলৈ যোৱা, এজন অংশীদাৰৰ নাম দুবাৰকৈ অন্তৰ্ভুক্ত কৰা, একে ঘৰৰ দুই তিনি গৰাকী অংশীদাৰৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰা আদি বিভিন্ন গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
তাৰোপৰি সমবায়খনৰ উপ সভাপতি সূৰ্য পেগুৰ লগতে সদস্য ভূমি কান্ত লাগাচু, বিক্ৰম দলে, কৰ্মচাৰী কৃষ্ণ কান্ত বৰা, নিৰ্বাচনী প্ৰাৰ্থী বিক্ৰম চুংক্ৰাংৰ নাম ভোটাৰ তালিকাত দুবাৰ সন্নিবিষ্ট হোৱাৰ তথ্য সদৰী কৰি ২ শতাধিক মৃত ব্যক্তিৰ আৰু ৪শতাধিক অবৈধ অংশীদাৰৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ।
এনে ব্যাপক ক্ৰুটিৰ পৰিপ্ৰেক্ষিতত এই নিৰ্বাচন বন্ধ ৰখাৰ বাবে উপায়ুক্তক লিখিত অভিযোগ প্ৰদান কৰা বুলি জানিবলৈ দিয়ে । তাৰেই ফলশ্ৰুতিত উপায়ুক্ত, মহকুমাধিপতিয়ে এই নিৰ্বাচন প্ৰক্ৰিয়া বন্ধ কৰা বুলি জানিবলৈ দি এখন শুদ্ধ নিকা আৰু স্বচ্ছ যোগ্য ভোটাৰ তালিকাৰে সমবায়খনৰ সাধাৰণ নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দাবী জনাইছে । উল্লেখ্য যে প্ৰশাসনে শুক্ৰবাৰে অনুষ্ঠিত হব লগীয়া বিশেষ সাধাৰণ সভা আৰু নিৰ্বাচন বাতিল কৰাৰ বাবে কেইবা শতাধিক অংশীদাৰীয়ে ব্যাপক গণ প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্ত, মহকুমাধিপতিৰ পুত্তলিকা দাহ কৰি জংগী গণ প্ৰতিবাদৰ হুংকাৰ দিছিল । সমবায় সমিতিখনৰ নিৰ্বাচনকলৈ সৃষ্ট এনে অভিযোগ প্ৰতি অভিযোগ আৰু উত্তপ্ত পৰিস্থিতি কিদৰে নিৰসন কৰে প্ৰশাসনে সেয়া অনাগত সময়ত লক্ষণীয় হব ।
Also Read: মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত জুণ্টা বাহিনীৰ বিমান আক্ৰমণক লৈ তীব্ৰ উত্তেজনা