/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/5a8788a7-ab6a-413d-a501-9340ea77a3e7/junta.jpg)
ডিজিটেল সংবাদ, বেকাজান : ম্যানমাৰৰ জুণ্টা সামৰিক বাহিনীৰ চৰকাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত বিমানেৰে ধাৰাবাহিক আক্ৰমণ চলাই থকাৰ পৰিপ্ৰেক্ষিতত ভাৰত-ম্যানমাৰৰ সীমান্তত মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে ব্যাপক সতৰ্কতা গঢ়ি তুলিছে ।
উল্লেখযোগ্য যে যোৱা দুদিন ধৰি ম্যানমাৰৰ সেনাই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত অৱস্থিত জনপ্ৰতিৰক্ষা বাহিনীৰ অৰ্থাৎ পিপলছ ডিফেন্স ফৰ্চৰ শিবিৰত বিমান আক্ৰমণ চলাইছিল। যাৰ বাবে মণিপুৰ ফালৰ গাঁৱৰ ৰাইজৰ মাজত তীব্ৰ উত্তেজনা বিৰাজ কৰে । প্ৰাপ্ত খবৰ অনুসৰি ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপত অৱস্থিত পিডিএফৰ আত্মগোপন স্থান আৰু শিবিৰত ম্যানমাৰৰ সেনাই বিমান আক্ৰমণ অব্যাহত ৰাখিছে।
বৃহস্পতিবাৰে ম্যানমাৰৰ সেনাই ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপৱৰ্তী ওপৰ তামু জিলাত প্ৰতিৰোধ বাহিনীৰ আত্মগোপন স্থান আৰু শিবিৰত বিমান আক্ৰমণ চলায়। ভাৰত-ম্যানমাৰ সীমান্তত থকা মণিপুৰৰ সীমান্তৱৰ্তী চহৰ মৰেহৰ সীমান্তত শুকুৰবাৰে পুনৰ পুৱা প্ৰায় ৯ বজাত সীমান্ত স্তম্ভ ৮১ৰ সমীপৰ পিডিএফৰ আত্মগোপন স্থানত বোমা নিক্ষেপ কৰা হয়। এই আক্ৰমণত এজন পিডিএফ কেডাৰ নিহত হোৱাৰ লগতে আন তিনিজন আহত হোৱা বুলি জানিব পৰা গৈছে। আহত কেডাৰ এজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে মণিপুৰৰ মৰেহ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
বোমা বিস্ফোৰণৰ পিছত ভাৰতীয় পক্ষৰ নিৰাপত্তা বাহিনীৰ দল সীমান্তৱৰ্তী গাঁও কোৱাথা খুনৌত উপস্থিত হয় আৰু সীমান্তৰ স্তম্ভ ৮১ৰ ওচৰত অৱস্থিত গাঁওখনত ছিন্নভিন্ন অংশ পোৱা যায়। ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা মাত্ৰ ১০০০ মিটাৰ দূৰত্বত অৱস্থিত কোৱাথা খুনৌ আৰু আকাশ মাৰ্গৰ পৰা কৰা আক্ৰমণৰ পিছত গাঁওবাসীয়ে নিজৰ সুৰক্ষাৰ বাবে ছত্ৰভংগ দি চুবুৰীয়া গাঁৱত আশ্ৰয় লয় বুলি বাতৰিত প্ৰকাশ পাইছে। ভাৰতৰ ফালৰ বি বংজাং, জাংগনয়, কোৱাথা খুনৌ আৰু মলফেই গাঁৱতো এই গুলীৰ শব্দ শুনা যায়।
স্থানচ্যুত গাঁওবাসীয়ে জনোৱা মতে, পুৱা প্ৰায় ৫ বজাৰ এই গুলীচালনা সন্ধিয়ালৈকে চলি থকাত বহুলোক হতাহতিৰ আশংকাত পলায়ন কৰে। গোটেই নিশাটো তেওঁলোকে ঘন বনাঞ্চলত আত্মগোপন কৰি শুকুৰবাৰে পুৱা নিজৰ গাঁওলৈ উভতি আহিছিল কিন্তু বিমান বোমা বিস্ফোৰণৰ চিন তেওঁলোকৰ গাঁৱত পোৱাৰ পিছত পুনৰ পলায়ন কৰে। বৃহস্পতিবাৰে পুৱা ম্যানমাৰৰ বৃহৎ সংখ্যক সেনাবাহিনীয়ে বিদ্ৰোহী পিডিএফ কেডাৰৰ সৈতে তীব্ৰ বন্দুকৰ যুঁজত লিপ্ত হয়। পিছত পিডিএফ কেডাৰৰ কঠোৰ প্ৰতিৰোধৰ আক্ৰমণৰ পিছত সেনাই এই বিমান আক্ৰমণ আৰম্ভ কৰে।
ম্যানমাৰ সীমান্তৰেখাৰ পৰিস্থিতিক গুৰুত্বসহকাৰে লক্ষ্য কৰি মণিপুৰৰ মৰে চহৰত নিয়োজিত ৰাজ্যিক আৰক্ষী কমাণ্ডোসকলে সীমান্তৰ গাঁওসমূহলৈ লৰালৰিকৈ প্ৰেৰণ কৰি সমগ্ৰ ঘটনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে নিৰ্দেশ দিছে। মণিপুৰ চৰকাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ চুৰাচান্দপুৰ ছেক্টৰত , বেহিয়াং আৰক্ষী আৰু আই আৰ বিৰ দলটোৱে সীমান্তৰ সমীপত এম কে ৰোড, সীমান্তৰ স্তম্ভ ৪৩ আৰু এল কানন গাঁৱৰ ওচৰৰ ঠাইসমূহত খোজকাঢ়ি টহল দি নিৰাপত্তা কটকটীয়া কৰি তুলিছে ।
Also Read: জ্যেষ্ঠ অধিবক্তা যুগল বুঢ়াগোঁহাইক
প্ৰদেশ কংগ্ৰেছৰ অ বি চি বিভাগৰ অধ্যক্ষ নিযুক্তি