কঠীয়াতলীত ফটোগ্ৰাফী আৰু চিত্ৰগ্ৰহণ কৰ্মশালা

কঠীয়াতলীত ফটোগ্ৰাফী আৰু চিত্ৰগ্ৰহণ কৰ্মশালা

ডিজিেটেল সংবাদ,কামপুৰ : নগাঁও জিলাৰ কঠীয়াতলীত দেওবাৰে অনুষ্ঠিত হৈ যায় এক কৰ্মশালা। উক্ত দিনা দিনজোৰা কাৰ্যসূচীৰে অসম ফটোগ্ৰাফী আৰ্টছ আৰু বৰলুইত চিনে ষ্টুডিঅ'ৰ যুটীয়া প্ৰচেষ্টাত ফটোগ্ৰাফী আৰু চিত্ৰগ্ৰহণ সম্পৰ্কে এক কৰ্মশালা অনুষ্ঠিত কৰা হয়।

উদ্যোক্তাই জনোৱা অনুসৰি দেওবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা উক্ত কৰ্মশালাত অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক যুৱকে অংশগ্ৰহণ কৰে। এই কৰ্মশালাখনি শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত অভিযন্তা অতুল চন্দ্ৰ কাকতিয়ে।

আনহাতে উক্ত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মেশ্বৰ বৰাই সাৰুৱা ভাষণৰে অনুষ্ঠানটো জীপাল কৰি তোলে। বৰলুইত চিনে ষ্টুডিঅ'ৰ স্বতাধিকাৰী কমলেশ্বৰ কাশ্যপে আতঁ ধৰা অনুষ্ঠানটোত আমন্ত্ৰিত অতিথিসকলক "বৰলুইত"ৰ তৰফৰ পৰা গামোচা আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়।

উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰত্যেক গৰাকী যুৱকক মানপত্ৰ প্ৰদান কৰা হয়।এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কৰ্মশালাখনিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ময়ূৰ জ্যোতি দাস,সৌৰভ কুমাৰ বৰুৱা,মানৱ জ্যোতি কলিতা আৰু ৰিচভ ডেকা।অনুষ্ঠানৰ শেষত কৰ্মশালাত অংশগ্ৰহণ কৰা আটাইকেগৰাকী ব্যক্তিক উদ্যোক্তাই ধন্যবাদ জ্ঞাপন কৰে।

কঠীয়াতলীত ফটোগ্ৰাফী আৰু চিত্ৰগ্ৰহণ কৰ্মশালা
সমষ্টি পুনৰ্নিৰ্ধাৰণৰ খচৰাক বিৰোধীতা কৰি নিলম্বন শিক্ষকঃ প্ৰতিক্ৰিয়া প্ৰকাশ AISECৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in