সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ ৰঙিয়া মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ

কামৰূপ জিলাৰ ঐতিহাসিক শিক্ষানুষ্ঠান ৰঙিয়া মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয়। মহাবিদ্যালয় খনৰ ছাত্ৰ সন্থাৰ উদ্যোগত ৬ দিনীয়াকৈ মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা বাৰ্ষিক সপ্তাহৰ কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা ৮ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মুখ্য তত্বাৱধায়ক ড° বিমল দাসে ।

author-image
Asomiya Pratidin
New Update
সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ ৰঙিয়া মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ

ডিজিটেল সংবাদ, ৰঙিয়াঃ কামৰূপ জিলাৰ ঐতিহাসিক শিক্ষানুষ্ঠান ৰঙিয়া মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয়। মহাবিদ্যালয় খনৰ ছাত্ৰ সন্থাৰ উদ্যোগত ৬ দিনীয়াকৈ মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা বাৰ্ষিক সপ্তাহৰ কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা ৮ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মুখ্য তত্বাৱধায়ক ড° বিমল দাসে । ইয়াৰ পিছতে শ্বহীদ তৰ্পণ আৰু পুৱা ১০ বজাত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সহযোগত বাৰেৰহণীয়া এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰাটি মুকলি কৰে অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়াই । অধ্যক্ষ শইকীয়াই বাৰ্ষিক সপ্তাহত সৰ্বতোপ্ৰকাৰৰ ছাত্ৰ- ছাত্ৰীৰ সহযোগিতা আৰু ভৱিষ্যতলৈও শিক্ষাৰ্থীসকলৰ নিজ নিজ প্ৰতিভাক সাফল্যমণ্ডিত হ'বলৈ শুভেচ্ছা জ্ঞাপন কৰে ।

Advertisment

উল্লেখ্য যে ৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া বাৰ্ষিক সপ্তাহৰ আজিৰ সাংস্কৃতিক শোভাযাত্ৰাখনি মহাবিদ্যালয়ৰ প্ৰাংগনৰ পৰা আৰম্ভ হৈ কলেজ গেট হৈ ঘূৰি বনগাঁও মেডিকেলৰ সন্মুখ হৈ পুনৰ মহাবিদ্যালয়ত আহি সামৰণি পৰে । এই শোভাযাত্ৰাত কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ১৮ টা বিভাগৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰা শোভাযাত্ৰাৰ প্ৰতিযোগিতাৰ ফলাফলত বিশেষ পাৰদৰ্শিতা হিচাপে বিহু আমাৰ সংস্কৃতি শিতানত ১ম পুৰস্কাৰ লাভ কৰে শিক্ষা বিভাগে,২য় পদাৰ্থ বিজ্ঞান বিভাগ (অন্ধকাৰময় সমাজ),৩য় অৰ্থনীতি বিভাগ ( অসমীয়া বিয়াৰ কইনাঘৰীয়া নিয়ম) লগতে চতুৰ্থ পুৰস্কাৰ নিচুকণি বঁটা লাভ কৰে বড়ো বিভাগে (বড়ো সংস্কৃতি) ।

ইফালে শুকুৰবাৰে পুৱা ৮ বজাৰ পৰা মহাবিদ্যালয়ৰ চৌহদত খেল,সাংস্কৃতিক, সমাজসেৱাকে ধৰি আলোচনী বিভাগকে আদি কৰি বিভিন্ন বিভাগৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বাৰ্ষিক সপ্তাহৰ শেষৰ দিনা ৬ ফেব্ৰুৱাৰীত পুৱা ১১ বজাত মুকলি সভা অনুষ্ঠিত হ'ব। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়াই সভাপতিত্বত কৰিবলগীয়া সভাত মুখ্য অতিথি হিচাপে বিধায়ক ভৱেশ কলিতাৰ লগতে নিৰ্দিষ্ট বক্তাৰূপে পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিত্যানন্দ কলিতাই উপস্থিত থাকিব বুলি মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰাগজ্যোতি ডেকাই জানিবলৈ দিয়ে ।

Also Read: নতুন মুখ্যমন্ত্ৰীৰ অপেক্ষাত ঝাৰখণ্ড...

rangia college week