শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ মহাবিদ্যালয় পৰ্যায়ৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ

শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ মহাবিদ্যালয় পৰ্যায়ৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ

ডিজিটেল সংবাদ,গহপুৰ : শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ মহাবিদ্যালয় পৰ্যায়ৰ পাঠদান প্ৰক্ৰিয়া সোমবাৰৰ পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই উদ্দেশ্যে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।

শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ অধ্যক্ষ জয়ন্ত শইকীয়াই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত উপস্থিত থাকি প্ৰাক্তন আই. এ.এচ বিষয়া স্বপনীল বৰুৱাই কয় -"আধুনিকতা আৰু আধ্যাত্মিকতাৰে সমৃদ্ধ একক আৰু অনন্য এই বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীসকলক ষষ্ঠ শ্ৰেণীৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ সম্পূৰ্ণ এটা ঘৰুৱা আৰু শৃংখলিত পৰিৱেশত ৰাখি এজন সংস্কাৰী আৰু মেধা সম্পন্ন মানৱ সম্পদ গঢ় দি সৰ্ব ভাৰতীয় পৰ্যায়ৰ সকলো পৰীক্ষাতে সফলতাৰে উত্তীৰ্ণ হৈ এটা নিশ্চিত সংস্থাপনৰ যি লক্ষ্য আৰু উদ্দেশ্য সেই মহৎ উদ্দেশ্য আজিৰ দিনটোত মহাবিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়াৰ আৰম্ভণিৰে পূর্ণতা পাব বুলি আমি আশাবাদী।"

ভাষণ প্ৰসংগত নগাঁও বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ শিৱৰঞ্জন মহন্তই কয় যে, শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পুৱা ৫ বজাৰ পৰা যোগা-প্ৰাণায়ামৰ যোগেদি আৰম্ভ কৰা দিনটোৰ কাৰ্যক্ৰম মোৰ দৃষ্টিত গোটেই অসমতে একক আৰু বিৰল। ডিজিটেল শ্ৰেণীকোঠা ,অত্যাধুনিক বিজ্ঞানাগাৰ, মেধা আৰু অভিজ্ঞতা পুষ্ট শিক্ষক-শিক্ষয়িত্ৰী, আন্তঃ আৰু বহিঃ ক্ৰীড়াৰ সুন্দৰ আন্তঃগাঁঠনি, একেটা পৰিৱেশতে ছাত্ৰ- ছাত্ৰী আৰু শিক্ষাগুৰুসকল থাকি শৈক্ষিক বিষয়ৰ সমস্যা সমাধান,একেটা পৰিৱেশত সন্ধিয়া নামঘৰত প্ৰাৰ্থনাৰ ব্যৱস্থাই ছাত্ৰ ছাত্ৰী সকলক বৌদ্ধিক আধ্যাত্মিক আৰু শাৰীৰিক বিকাশত সবল আৰু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

২০২০ চনত প্ৰতিষ্ঠা লাভ কৰা শংকৰদেৱ শিক্ষা নিকেতন গহপুৰে প্ৰতিটো বর্ষতে উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক ৰ পৰীক্ষাত প্ৰথম বিভাগত ১০০% উত্তীৰ্ণৰে অভিলেখ স্থাপন কৰিছে। উল্লেখযোগ্য যে প্ৰথম বৰ্ষৰ ছাত্ৰ চন্দপল পাটগিৰিয়ে AIMS ভূবেনেশ্বৰত পঢ়িবলৈ সুবিধা হোৱাৰ লগতে বহু কেইজন ছাত্ৰ ছাত্ৰী NIT, অসমৰ বিভিন্ন মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ, CUET পৰীক্ষাৰ যোগেদি দিল্লী বিশ্ববিদ্যালয়ৰ লগতে ভাৰত বৰ্ষৰ বিভিন্ন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত পঢ়াৰ সুবিধা লাভ কৰিছে ।

যোৱা বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত ইতিহাস বিষয়ত একমাত্ৰ ১০০ নম্বৰ পোৱা ছাত্ৰী ইচাৰাণী ভৰালী এই নিকেতনৰে ছাত্ৰী। ভূগোল বিষয়ত অসমৰ ভিতৰত ১০০ নম্বৰ পোৱা মুঠ ৯ জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৭ জনেই এই নিকেতনৰ।

CUET পৰীক্ষাত ৰাজনীতি বিজ্ঞান বিষয়ত ১০০%নম্বৰ লাভেৰে এই নিকেতনৰ ছাত্ৰী নিত্যাক্ষী নিৰলাই দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ ময়ত্ৰী কলেজত পঢ়িবলৈ সুবিধা পাই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিজ্ঞান শাখাত ৯৩.২% নম্বৰ লাভ কৰি ৰক্তিম প্ৰবাল বৰাই CUET পৰীক্ষাৰ যোগেদি পদাৰ্থ বিজ্ঞান বিষয়ত দিল্লী বিশ্ববিদ্যালয়ৰ ৰামজাচ মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিছে।

অসম চৰকাৰৰ ড ০ বাণীকান্ত কাকতি বঁটা ৰূপে প্ৰথম বৰ্ষত বিদ্যালয়খনৰ ৫৭গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আৰু দ্বিতীয় বৰ্ষত ৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্কুটি লাভ কৰিবলৈ সক্ষম হৈছে। খুব কম সময়ৰ ভিতৰতে এনে সকলো সফলতাই নিকেতনৰখনৰ প্ৰতি ছাত্ৰ- ছাত্ৰীসকলৰ অভিভাৱকসকলক নিজৰ সন্তানৰ সু-নিশ্চিত ভৱিষ্যতৰ বাবে আস্থা আৰু বিশ্বাস জগাই তুলিছে।

উক্ত সভাতে আনুষ্ঠানিকভাৱে শংকৰদেৱ শিক্ষা নিকেতন,গহপুৰৰ স্নাতক মহলাৰ অধ্যক্ষ হিচাপে ড০ অঞ্জন কুমাৰ ওজাই অবৈতনিকভাৱে দায়িত্ব গ্ৰহণ কৰে। এই সভাত শৈলজা সংকল্প ট্ৰাষ্টৰ সভাপতি উদয় আদিত্য গোস্বামীয়ে সকলোৰে পৰা নিকেতনখনৰ সৰ্বাংগীন উন্নতিৰ বাবে সহায় সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰে।

শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ মহাবিদ্যালয় পৰ্যায়ৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ
সাহিত্যিক মোলান লস্কৰলৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ চেক প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in