/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/9d1cea2b-ed70-4615-8ed0-d7f995206a78/43.jpg)
ডিজিটেল সংবাদ,কামপুৰ : বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে নিজকামপুৰ পঞ্চায়ত নিবাসী তথা সাহিত্যিক পেঞ্চনাৰ মোলান লস্কৰৰ কনিষ্ঠ পুত্ৰ সুমন্ত মহন্ত লস্কৰৰ চিকিৎসাৰ বাবে চৰকাৰৰ পৰা প্ৰদান কৰা ৫০হাজাৰ টকাৰ চেক প্ৰদান কৰে।উল্লেখ্য যে কিছুদিন পূৰ্বে এটি দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল সুমন্ত।
সম্প্ৰতি তেওঁ জি এম চিৰ আই চি ইউত ভৰ্তি হৈ আছে। সুমন্তৰ উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা দেওবাৰে নিশা ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়াবলৈ পাই সুখ অনুভৱ কৰা বুলি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।
বিধায়ক গোস্বামীয়ে সুমন্তৰ আশু-আৰোগ্য কামনা কৰাৰ লগতে অতি সোনকালে সুস্থ হৈ নিজ গৃহলৈ উভতি আহক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।
Also Read: নুমলীগড় চাহ বাগিছাত অচিনাক্ত মৃতদেহ উদ্ধাৰ