/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/369f07b3-5776-4e8b-b74b-13d8af87e3bf/chirang.jpg)
ডিজিটেল সংবাদ,চিৰাং : চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত দুখীয়া দৰিদ্ৰ লোকৰ কষ্টোপাৰ্জিত ধন লুণ্ঠনৰ ঘটনা অব্যাহত আছে। এইক্ষেত্ৰত সচেতন লোকৰ অভিযোগ যে, চিৰাং আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবেই জিলাখনত পুনৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত ধন সংগ্ৰহ কৰাৰ ঘটনা সংঘটিত হ'বলৈ পাইছে।
উল্লেখ্য যে,পূৰ্বেও সংঘটিত হৈছিল ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত ধন সংগ্ৰহ কৰা কাণ্ড। পিচে এইবাৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰবঞ্চকসকলৰ বিৰুদ্ধে সচেতন ৰাইজে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/36fe422f-6c49-49fd-8c9b-c160fba28fd8/84210093_4261_478c_8e6f_051a4def16d0.jpg)
জানিব পৰা মতে, শুকুৰবাৰে নিশাৰ ভাগত চিদলী থানাৰ অন্তৰ্গত গৰুভাষা আৰক্ষী চকীৰ মোজাবাৰীৰ পৰা 'নিষ্ট নিধি লিমিটেড' নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত ধন সংগ্ৰহ কৰিবলৈ ৩গৰাকী মহিলাকৰ্মী আৰু এজন যুৱক। মহিলা ৩গৰাকীৰ লগতে আয়নাল হক নামৰ যুৱকজনক ৰাইজে বহু সময় আবদ্ধ কৰি ৰখাৰ পিচত আৰক্ষীক গতাই দিয়ে।
লক্ষ্যনীয় বিষয় যে, আটকাধীন মহিলা কেইগৰাকী আৰু যুৱকজনৰ ঘৰ কাজলগাঁও থানাৰ অন্তৰ্গত বান্দুগুৰী, ছাতিপুৰ এলেকাত । একাংশ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, ঢালিগাঁৱৰ 'নিষ্ট নিধি লিমিটেড' নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰবঞ্চনাৰ বাতৰি প্ৰকাশিত হোৱাৰ পিচত মোজাবাৰী গাঁৱৰ গ্ৰাহকসকলে টকা জমা দিয়া বন্ধ কৰি দিছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/8f6865e6-1c35-4e3a-806b-87326ecf1cc8/868a2e9b_9c1f_4943_9799_63adff325061.jpg)
কিন্তু উক্ত তিনি মহিলাসহ যুৱকজনে মোজাবাৰীত আহি পুনৰ গ্ৰাহকসকলক বুজনি দি টকা সংগ্ৰহত নামি পৰে । এই খবৰ লাভ কৰি মোজাবাৰীৰ অন্যান্য প্ৰবঞ্চনাৰ চিকাৰ হোৱা গ্ৰাহকসকলে ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত ধন সংগ্ৰহ কৰিবলৈ অহা দলটোক আগচি ধৰে আৰু তেওঁলোকৰ জমা কৰা ধন ওভতাই বিচাৰে ।
ইয়াকে লৈ মোজাবাৰী গাঁৱত শুকুৰবাৰৰ মাজনিশালৈকে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পিচত স্থানীয় ৰাইজে নিশা প্ৰায় ১২ বজাত গৰুভাষা আৰক্ষী চকীত খবৰ দিয়ে। খবৰ লাভ কৰি গৰুভাষা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত প্ৰীতম দাসৰ নেতৃত্বত আৰক্ষীৰ দল মোজাবাৰীত উপস্থিত হৈ উক্ত ৩মহিলাসহ যুৱকজনক আটক কৰি লৈ যায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/0c871ea8-834f-42ee-8e33-dc2abd4fbdfb/0f3a67d1_4034_472e_8ec5_3b6f4e16e363.jpg)
শনিবাৰে দিনৰ ভাগত ভুক্তভোগী গ্ৰাহকসকলে ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ মুখ্য খলনায়ক নিজামুদ্দিন শ্বেখসহ এজেণ্ট আয়নাল হক আৰু মহিলা ৩গৰাকীৰ বিৰুদ্ধে গৰুভাষা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰে ।
এই সংক্ৰান্তত গৰুভাষা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত প্ৰীতম দাসে তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত ঢালিগাঁৱত চিৰাং চানৰাইজ নিধি লিমিটেড, নিষ্ট নিধি লিমিটেড, ক্ষুদ্ৰ সঞ্চয় নিধি লিমিটেড আৰু চিৰাং ফ্ৰীডম নিধি লিমিটেড আদি কৰি কেইবাটাও কাঠফুলাৰ দৰে গঢ়ি উঠি ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ একাংশ প্ৰবঞ্চকে দুখীয়া দৰিদ্ৰ লোকৰ পৰা উচ্চ হাৰত সুদ দিয়াৰ প্ৰতিশ্ৰতিৰে দি প্ৰশাসনৰ চকুৰ সন্মুখতে কোটি কোটি টকা সংগ্ৰহ কৰি আত্মসাত কৰি পলায়ন কৰাৰ বাতৰি প্ৰকাশিত হৈছিল।
প্ৰবঞ্চকৰ জালত ভৰি নিজৰ কষ্টোপাৰ্জিত জমা কৰা ধন হেৰুৱাই গ্ৰাহকসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বাতৰি প্ৰকাশিত হোৱাৰ পিচত প্ৰবঞ্চকৰ দ্বাৰা প্ৰতাৰিত হোৱা স্থানীয় এজেণ্টসকলে ঢালিগাঁও থানাৰ আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰিছিল। ইয়াৰ পিচত ঢালিগাঁও থানাৰ আৰক্ষীয়ে কিছুদিন তৎপৰতা দেখুৱাত প্ৰবঞ্চক সকলে আত্মগোপন কৰি আছিল।
ফলত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত গ্ৰাহকৰ পৰা ধন আদায় কৰা বন্ধ আছিল। কিন্তু ঢালিগাঁও থানাৰ আৰক্ষীয়ে ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কোনো এজন প্ৰবঞ্চকক আটক কৰিব নোৱাৰাৰ বাবেই নিষ্ট নিধি লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ একাংশ লোকে পুনৰ ধন সংগ্ৰহ কৰিবলৈ সাহস পাইছে বুলি অভিযোগ উত্থাপিত হৈছে ।
Also Read: কলিয়াবৰত অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ উপস্থিতিত পথ সজাগতা সভা