ঢকুৱাখনা মহকুমাধিপতিৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ "সীমা ইটা ভাটা"ৰ

প্ৰশাসনৰ নিৰ্দেশনালৈ ভাটাৰ মালিকৰ আঙ্গুষ্ঠ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা মহকুমাধিপতিৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ "সীমা ইটা ভাটা"ৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা : উদ্যোগ বিহীন ঢকুৱাখনা মহকুমাৰ ন মধুপুৰ অঞ্চলত অৱস্থিত এটা ইটা ভাটাৰ স্বতাধিকাৰী আৰু ঢকুৱাখনা মহকুমা প্ৰশাসনৰ মুৰব্বীৰ মাজত সূত্ৰপাত ঘটিছে এখন শীতল যুদ্ধ। ঢকুৱাখনা ৰাজহ চক্ৰৰ ন মধুপুৰ গাঁওৰ দাগ নম্বৰ ১০৫ ৰ, পট্টা নম্বৰ ৩৫ ৰ প্ৰায় ৫ বিঘা ১৯ লেছা মাটিত অৱস্থিত "সীমা ব্ৰিক ফেক্টৰী" নামৰ ইটা ভাটাটো।

Advertisment

এই ভাটাটোৰ স্বতাধিকাৰী কপিল দেও ডুবেয়ে দাবী কৰা মতে ভাটাটো পৰিচালনা কৰিবৰ বাবে  চৰকাৰী ভাবে প্ৰয়োজনীয় সকলো নথিপত্ৰ আৰু বিভাগীয় অনুজ্ঞাপত্ৰ উপলব্ধ হোৱাৰ পাছতো  মহকুমা প্ৰশাসনৰ মুৰব্বী অৰিন্দম বৰুৱাই ক্ষমতাৰ অপব্যৱহাৰ কৰি সুস্থ ভাবে চলি থকা ভাটাটো বন্ধ কৰি দিয়াই নহয় অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে ভাটাটোত নিৰবিছিন্ন ভাবে পানী মাৰি বৃহৎ পৰিমাণৰ ইটাৰ বিস্তৰ ক্ষতি সাধন কৰে।

সংগৃহীত তথ্য মতে ভাটাটোৰ স্বতাধিকাৰী ডুবেলৈ মহকুমা কাৰ্যবাহী দণ্ডাধীশ বৰুৱাই ঢকুৱাখনা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ প্ৰতিবেদনৰ ভিত্তিত  দুটা পৰিয়াল উক্ত নিৰ্ধাৰিত এলেকাত বাস কৰা আৰু ৰেচম বিভাগৰ অধীক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত স্থানীয় ৰেচম আৰু কৃষি ক্ষেত্ৰত পৰি অহা নেতিবাচক প্ৰভাৱ সন্দৰ্ভত অৱগত হৈ জন স্বাস্থ্য আৰু পাৰিপাৰ্শ্বিক পৰিৱেশ সুৰক্ষাগত দিশলৈ  লক্ষ্য ৰাখি ভাটাটোৰ কাম কাজ বন্ধ কৰাৰ লগতে ফেক্টৰীটো অন্য স্থানলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ দিয়ে।

যোৱা ১৩ ডিচেম্বৰত এই জাননী জাৰি কৰি  ইয়াৰ পৰা ৭ দিনৰ ভিতৰত এই নিৰ্দেশনা কাৰ্যকৰী নকৰিলে ৰাজহ চক্ৰ বিষয়াক ভাটাটো জব্দ কৰাৰো নিৰ্দেশ দিছিল। পৰৱৰ্তী সময়ত ভাটা কৰ্তৃপক্ষই এই নিৰ্দেশনাৰ প্ৰকাশ্যে অমান্য কৰি কাম কাজ অব্যাহত ৰখাৰ পাছত কাৰ্যবাহী দণ্ডাধীশ গৰাকীয়ে গৈ  ফৌজদাৰী কাৰ্যবিধি আইনৰ ধাৰা ১৩৩ ৰ অধীনত ভাটাটো বন্ধ কৰি পানী মাৰি নিয়মীয়া কাম কাজ বাধাগ্ৰস্ত কৰে। এই প্ৰশাসনীয় কঠোৰ স্থিতিৰ পাছতে দুই পক্ষৰ মাজত সূত্ৰপাত ঘটা শীতল যুদ্ধই শেহতীয়া ভাবে আদালতৰ মজিয়া গৰকা বুলিও জানিব পৰা গৈছে। 

ভাটাটোৰ স্বতাধিকাৰী ডুবেয়ে অভিযোগ কৰা মতে ক্ষমতাৰ অপব্যৱহাৰ কৰি , ক্ৰুটিপূৰ্ণ আৰু একপক্ষীয় ভাবে সিদ্ধান্ত লৈ প্ৰশাসনৰ মুৰব্বী বৰুৱাই ভাটাটো বন্ধ কৰাৰ সমান্তৰালভাৱে পানী মাৰি ৮ লক্ষাধিক টকাৰ সামগ্ৰী বিনষ্ট কৰে । তাৰোপৰি বহু সংখ্যক শ্ৰমিক কাম এৰি গুচি যোৱাতো বিস্তৰ ক্ষতি সাধন হয় ভাটাটোৰ ।

ডুবেয়ে দাবী কৰা মতে জিলা উপায়ুক্তৰ আপত্তি বিহীন প্ৰমাণ পত্ৰ উপলব্ধ হোৱাৰ পাছতো প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ আপত্তি বিহীন প্ৰমাণ পত্ৰ আৰু অন্যান্য আনুসংগিক নথিপত্ৰ উপলব্ধ হোৱাৰ পাছতো কেৱল চক্ৰান্ত মূলক ভাবে ভাটাতো প্ৰশাসনে বন্ধ কৰি ক্ষতি সাধন কৰি বিস্তৰ লোকচান কৰে ।

প্ৰশাসনিক বিষয়া গৰাকীৰ এনে দাম্ভিক আচৰণৰ বিৰুদ্ধে ডুবেয়ে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰি পৰৱৰ্তী সময়ত আদালতৰ হস্তক্ষেপত মহকুমা কাৰ্যবাহী দণ্ডাধীশ গৰাকীৰ নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰি ভাটাটো পুনৰ সক্ৰিয় কৰি কাম কাজ আৰম্ভ কৰিছে । স্বতাধিকাৰী কপিল ডুবেৰ দাবী বাণিজ্যিক এলেকাত বিধিগত ভাবে সম্পূৰ্ণ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি স্থাপিত এই ইটা ভাটাতোৰ বিৰুদ্ধে এক মুষ্টিমেয় সুবিধা ভোগী শক্তিয়ে চলোৱা প্ৰৰোচনাত পৰি প্ৰশাসনে গ্ৰহণ কৰা সিদ্ধান্ত এক পক্ষীয় আৰু ইয়াৰ আলমত প্ৰশাসনে ডুবেৰ বহু লক্ষাধিক টকা মূল্যৰ ক্ষয় ক্ষতি কৰিলে ।

এনেবোৰ পক্ষৰ পৰা এই অহেতুক আৰু অনাকাংক্ষিত ক্ষতিপূৰণ বিচাৰি অচিৰেই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নী দিছে স্বতাধিকাৰী গৰাকীয়ে । সংবাদ মাধ্যমত স্বতাধিকাৰী ডুবেৰ স্পষ্ট সকীয়নী "নীতি বৰ্হিভূত ভাবে মোক সীমাহীন আৰ্থিক আৰু মানসিক নিৰ্যাতন চলোৱা মহকুমাধিপতি গৰাকীয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ ভুগিবলৈ সাজু  হওক ।"

মহকুমা প্ৰশাসনে ভাটাটো বন্ধ কৰাৰ দুদিনমানৰ পাছতে পুনৰ প্ৰশাসনৰ নিৰ্দেশনালৈ আঙ্গুষ্ঠ দেখুৱাই ব্যৱসায়ীজনে  আৰম্ভ কৰা ভাটাৰ কাম কাজে একাংশ ৰাইজক স্তম্ভিত কৰিছে । স্মৰ্তব্য যে মহকুমাটোৰ ঢকুৱাখনা ৰাজহ চক্ৰত স্থাপিত অন্য এটা ইটা ভাটাই সমীপৱৰ্তী ৰাইজক সুদীর্ঘ দিন ধৰি সীমাহীন যন্ত্ৰণা ভোগাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও এই ক্ষেত্ৰত কিয় নীৰৱ প্ৰশাসন সেয়াও এক জটিল প্ৰশ্ন হিচাপে ধৰা দিছে।

আৰু পঢ়ক : ১০ মাহত ৰাছিয়াৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ৬ হেজাৰতকৈও অধিক লোকে...

assam dhakuakhana