'কা'ৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিয়াৰ আহ্বান ৰাইজৰ দলৰঃ ক'লে- এয়া অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ...

ৰাইজৰ দলৰ বিবৃতি জাৰি
'কা'ৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিয়াৰ আহ্বান ৰাইজৰ দলৰঃ ক'লে- এয়া অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ...
'কা'ৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিয়াৰ আহ্বান ৰাইজৰ দলৰঃ ক'লে- এয়া অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ...

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ কাৰ্যবিধি জাৰি হোৱাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ। বিৰোধী ৰাজনৈতিক দলসমূহে ইয়াৰ বিৰোধিতাৰে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে সাজু হৈছে। তাৰ মাজতে ৰাইজৰ দলে এক বিবৃতিৰ জৰিয়তে অসমবাসীক 'কা'ৰ বিৰুদ্ধে একত্ৰিতভাৱে যুঁজ দিবলৈ আহ্বান জনাইছে।

দলটোৰ তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈয়ে এক বিবৃতিৰ জৰিয়তে কয়, অসমবাসীৰ সুদীৰ্ঘ প্ৰতিবাদ, ৫ জন তেজাল যুৱকৰ আত্মবলিদানৰ পিছতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে চৰম স্বেচ্ছাচাৰীতাৰে অসমবাসীৰ স্বাৰ্থৰ পৰিপন্থী, সংবিধান বিৰোধী যি 'কা' আইন বলবৎ কৰিলে, সেইয়া অসমবাসী তথা সমগ্ৰ গণতান্ত্ৰিক জনগণৰ প্ৰতি এক বৃহৎ অপমান। অসমৰ খিলঞ্জীয়া লোকক অসমতেই সংখ্যালঘু কৰি এই আইনৰ জৰিয়তে অসমৰ ভাষিক, সাংস্কৃতিক স্বকীয়তাৰ ওপৰত শেষৰ গজালটো মাৰিব বিচৰা হৈছে। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি স্বদেশী কৰিব খোজা এই আইনে ভৱিষ্যতে অসমত লাখ লাখ বিদেশীৰ সংস্থাপনৰ বাট মুকলি কৰিব। অসমবাসীয়ে নিজৰ ৰাজ্যত ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰৰ পৰা বঞ্চিত হৈ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিব লাগিব। আমাৰ চুবুৰীয়া ত্ৰিপুৰী সকলেই সেই চৰম বিপৰ্যয়ৰ এক জ্বলন্ত উদাহৰণ।

সেয়েহে আমি ৰাইজৰ দলে অসমবাসীক আহ্বান জনাইছো আহক জাতিৰ এই সংকট কালত দল মত বৰ্ণ নিৰ্বিশেষে গণতান্ত্ৰিক ভাৱে এই অসমবিৰোধী আইনৰ প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহো।

'কা'ৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিয়াৰ আহ্বান ৰাইজৰ দলৰঃ ক'লে- এয়া অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ...
'আজিৰ দিনটো অসম, অসমীয়া জাতিৰ বাবে এটা ক'লা দিন'- অজাপ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in