ইলেক্টৰল বণ্ডৰ বিষয়ে লিখি বিপদত প্ৰদ্যুৎঃ হিমন্ত বিশ্ব শৰ্মাই ল'ব আইনী ব্যৱস্থা!

প্ৰদ্যুৎ বৰদলৈৰ অভিযোগৰ পিছতে মুখ্যমন্ত্ৰীৰ স্থিতি স্পষ্ট
ইলেক্টৰল বণ্ডৰ বিষয়ে লিখি বিপদত প্ৰদ্যুৎঃ হিমন্ত বিশ্ব শৰ্মাই ল'ব আইনী ব্যৱস্থা!
ইলেক্টৰল বণ্ডৰ বিষয়ে লিখি বিপদত প্ৰদ্যুৎঃ হিমন্ত বিশ্ব শৰ্মাই ল'ব আইনী ব্যৱস্থা!

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে অবৈধ আখ্যা দিয়া ইলেক্টৰেল বণ্ডৰ এটাৰ পাছত এটাকৈ ক'লা অধ্যায় পোহৰলৈ আহিছে যদিও অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত বিৰোধী কংগ্ৰেছে কিবা অভিযোগ কৰি সামাজিক মাধ্যমত কিবা লিখে তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিছে।

উল্লেখ্য যে, ১২ মাৰ্চত উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতিত নেগুৰ পেলাই এছ বি আইয়ে ইলেক্টৰেল বণ্ডৰ আংশিক তথ্য নিৰ্বাচন আয়োগক দাখিল কৰিলে। উচ্চতম ন্যায়ালয়ে বাৰে বাৰে এছ বি আইক ইলেক্টৰেল বণ্ডৰ সবিশেষ তথ্য দাখিল কৰিবলৈ কৈ আহিছে যদিও প্ৰতিবাৰেই অজ্ঞাত কাৰণত এছ বি আইয়ে বিভিন্ন তথ্য লুকুৱাবলৈ চেষ্টা কৰি আহিছে।

প্ৰথমে ইলেক্টৰেল বণ্ড ক্ৰয় কৰা প্ৰতিষ্ঠানৰ নাম আৰু ধনৰ পৰিমাণ উল্লেখ কৰি কোন দলে কিমান ধন লাভ কৰিছে তাৰ তথ্য দাখিল কৰিলে যদিও কোন প্ৰতিষ্ঠানৰ পৰা কোন দলে, কিমান ধন পালে সেয়া উল্লেখ নকৰিলে। একেদৰে উল্লেখ নকৰিলে বণ্ডৰ ক্ৰমিক নং।

ইয়াৰোপৰি এছ বি আইয়ে ১২ মাৰ্চত দাখিল কৰা বণ্ডৰ তথ্যৰ পৰা লুকুৱাই ৰাখিলে ৪০০২ কোটি টকাৰ ৯,১৫৯ খন বণ্ডৰ তথ্য। যাৰ বাবে পুনৰ এছ বি আই উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হৈছে। যিখিনি তথ্য ইতিমধ্যে পোহৰলৈ আহিছে তাতেই উন্মোচিত হৈছে ইলেক্টৰেল বণ্ডৰ ক'লা অধ্যায়।

কিন্তু ইয়াৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইলেক্টৰেল বণ্ডৰ বিষয়ে বিৰোধী কংগ্ৰেছে সামাজিক মাধ্যমত কিবা লিখিলেই তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি দিয়া হুংকাৰে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দৰাচলতে শুকুৰবাৰে নগাওঁ লোকসভা সমষ্টিৰ সাংসদ তথা আগন্তুক লোকসভা নিৰ্বাচনৰ বাবেও প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে নিৰ্বাচন কমিচনক এছ বি আইয়ে দিয়া তথ্যৰ আধাৰত অভিযোগ কৰিছিল কেন্দ্ৰীয় সংস্থাসমূহক ব্যৱহাৰ কৰি ইলেক্টৰেল বণ্ড মাধ্যমৰ জৰিয়তে ধনবাদী কৰিছে বিজেপিয়ে।

তেওঁ উল্লেখ কৰিছে বিগত ৫ বছৰত যি ৩০ টা সংস্থাই ইলেক্টৰেল বণ্ডৰ মাধ্যমেৰে সৰ্বাধিক চান্দা দিছে তাৰ মাজৰ ১৪ টা সংস্থাৰ বিৰুদ্ধেই অভিযান চলাইছিল ইডি, চি বি আই, আয়কৰ বিভাগৰ দৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই।

এছ বি আইয়ে দাখিল কৰা তথ্য অনুসৰিয়েই ইলেক্টৰেল বণ্ড ক্ৰয় কৰি চান্দা দিয়াৰ পিছতে হাজাৰ হাজাৰ কোটি টকাৰ চৰকাৰী প্ৰকল্পৰ ঠিকা লাভ কৰিছে কেইবাটাও সংস্থাই। এই প্ৰসংগতে অসমৰ এটা বাণিজ্যিক সংস্থাৰ নামো উল্লেখ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে।

তেওঁ দাবী কৰিছে, অসমৰ বিজেপি চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ পাছতেই বৃহৎ অংকৰ ইলেক্টৰেল বণ্ড ক্ৰয় কৰিছে এই সংস্থাটোৱে। প্ৰদ্যুৎ বৰদলৈৰ এনে অভিযোগৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে, এয়া সম্পূৰ্ণ ভিত্তিহীন অভিযোগ।

মুখ্যমন্ত্ৰীগৰাকীৰ দাবী কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সামাজিক মাধ্যমত কৰা এই ভিত্তিহীন অভিযোগে অসম চৰকাৰৰ লগতে মেচাৰ্চ ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট নামৰ সংস্থাটোৰে মানহানি হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এক্সত লিখিছে- আমাৰ চৰকাৰ আৰু সেই সংস্থাৰ মাজত কোনো বাণিজ্যিক চুক্তি হোৱা নাই। প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ নিৰ্মাণ সংক্ৰান্তিয় এক জনহিতকৰ কামৰ বাবে এই সংস্থাই সাহায্য আগবঢ়াইছে। কান চলি আছে। শীঘ্ৰেই এই প্ৰকল্প অসমৰ জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হ'ব।

ইলেক্টৰল বণ্ডৰ বিষয়ে লিখি বিপদত প্ৰদ্যুৎঃ হিমন্ত বিশ্ব শৰ্মাই ল'ব আইনী ব্যৱস্থা!
মুৰ্কংচেলেক মিচিং কৃষ্টি কেবাং আক্ৰমণকাৰীক সকিয়নী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in