চি এম ভিজিলেন্সৰ জেৰাত বিস্ফোৰক মন্তব্য প্ৰাক্তন সাংসদ ৰাণী নৰহৰ

চি এম ভিজিলেন্সৰ জেৰাত বিস্ফোৰক মন্তব্য প্ৰাক্তন সাংসদ ৰাণী নৰহৰ

author-image
Asomiya Pratidin
New Update
চি এম ভিজিলেন্সৰ জেৰাত বিস্ফোৰক মন্তব্য প্ৰাক্তন সাংসদ ৰাণী নৰহৰ

ডিজিটেল ডেস্কঃ মঙলবাৰে প্রাক্তন সাংসদ ৰাণী নৰহক চি এম ভিজিলেন্সে ৬ঘণ্টীয়াজোৰা জেৰা কৰাৰ পাছত বুধবাৰেও ইয়াৰ প্ৰভাৱ অব্যাহত থাকে। তদন্তকাৰী বিষয়াৰ জেৰাত ৰাণী নৰহে প্ৰদান কৰিছে বিস্ফোৰক ভাষ্য। জেৰাত প্রাক্তন সাংসদগৰাকীৰ ভাষ্য- ‘যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ঠিকাদাৰৰ নাম প্রেৰণ কৰিছিল মোলৈ’।

বিষয়াৰ জেৰাতেই তেওঁ ঠিকাদাৰ বাচাৰাম বৰুৱাৰ নাম প্রেৰণ কথা জানিবলৈ দিয়ে। দেহৰক্ষী ৰঞ্জিৎ চুতীয়াৰ হাতত পত্র দিয়াৰ কথাও প্ৰকাশ কৰে ৰাণী নৰহে। উল্লেখ্য যে, কিছুদিন পূৰ্বে পি এছ অ' ৰঞ্জিৎ চুতীয়াৰ মৃত্যু হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে। লক্ষীমপুৰৰ ঘৰত উক্ত পত্র থকাৰ কথা জনাই প্ৰাক্তন সাংসদগৰাকীয়ে। 

সমান্তৰালভাৱে ৰাণী নৰহে প্রয়োজন হ’লে পত্রখন আনি দিব পাৰিম বুলিও দৃঢ়তাৰে জনাই জেৰা কৰা বিষয়াক। ইপিনে সম্প্রতি অসুস্থ ঠিকাদাৰ বাচাৰাম বৰুৱা। বহিঃৰাজ্যৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বাচাৰাম। অসমলৈ আহিয়েই চি এম ভিজিলেন্সত হাজিৰ হ’ব লাগিব তেওঁ।

Also Read: স্বামীৰ সপোনৰ যথাৰ্থতা প্ৰকাশেৰে নাৰী শক্তি বন্দন বিধেয়কক সমৰ্থন ছোনিয়া গান্ধীৰ

CM visilance