গহপুৰত সমবায়ে সমবায়ে চি এম ভিজিলেঞ্চৰ অভিযান

গহপুৰত সমবায়ে সমবায়ে চি এম ভিজিলেঞ্চৰ অভিযান

ডিজিটেল সংবাদ,গহপুৰ : গহপুৰত সমবায়ে সমবায়ে চি এম ভিজিলেঞ্চৰ অভিযান। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি মাৰ্কেটিং ছ'ছাইটিৰ অধীনস্থ ঢেকীয়াজুলি টাউন সমবায় আৰু মিচিবাৰী সমবায় সমিতিৰ বাবে আবণ্টিত হোৱা জুন আৰু জুলাই মাহৰ Advance Liftingৰ প্ৰায় ২৪০০ কুইণ্টল ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ চাউল প্ৰায় দুই কোটি টকাত কলা বজাৰত বিক্ৰী কৰাৰ অভিযোগ।

এই অভিযোগত ৯ জনকৈ অভিযুক্ত চি এম ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছত প্ৰতিখন সমবায়ত অভিযান চলাবলৈ তৎপৰতা অৱলম্বন কৰিছে চি এম ভিজিলেঞ্চে।

সেই অনুসৰি গুৱাহাটীৰ পৰা অহা তিনি জনীয়া চি এম ভিজিলেঞ্চৰ এটা দলে গহপুৰৰ আবৰ্ত ভৱনত বাহৰ পাতি শুকুৰবাৰৰ পৰা অভিযান চলাই গহপুৰ মহকুমাত থকা ৬খন সমবায়ত। কালি দুপৰীয়া চি এম ভিজিলেঞ্চৰ দলটোৱে গহপুৰ মহকুমাধিপতি কাৰ্যলয়ত থকা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যলয়লৈ মাতি নিয়ে গহপুৰ মহকুমাৰ লোহিতমুখ,গহপুৰ,কলাবাৰী, কলংপুৰ,ব্ৰহ্মাজান আৰু হেলেম সমবায় সমিতিৰ সম্পাদকসকলক।

চি এম ভিজিলেঞ্চৰ দলটোৱে উক্ত ৬ সমবায় সম্পাদকৰ পৰা নথি-পত্ৰ পৰীক্ষা কৰাৰ পিছত শুকুৰবাৰে বিয়লি গহপুৰ,কলাবাৰী, লোহিতমুখ আৰু কলংপুৰ সমবায় সমিতিত দলটো উপস্থিত হৈ কাৰ্যালয় আৰু গুডাম ঘৰ পৰিদৰ্শন কৰে। লগতে ষ্ট'ক বুক,ৰেজীষ্টাৰ বহী,চালান আদি পৰীক্ষা কৰে।

শনিবাৰে উক্ত চি এম ভিজিলেঞ্চৰ দলটোৱে ব্ৰহ্মাজান আৰু হেলেম সমবায়ত উপস্থিত হৈ একেধৰণে বহী-পত্ৰ,কাৰ্যালয়, গুডাম আদি পৰীক্ষা কৰে। চি এম ভিজিলেঞ্চৰ দলটোৱে প্ৰতিখন সমবায় সমিতিত চলিত বৰ্ষৰ মে',জুন আৰু জুলাই মাহৰ(Advance Lifting) ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ চাউলৰ তন্ন তন্নকৈ হিচাপ লোৱাৰ লগতে একাংশ এজেণ্ট আৰু উপভোক্তাৰ পৰা সময়মতে নিদ্ধাৰিত পৰিমাণৰ চাউল লাভ কৰি আহিছে নে তাৰ ওপৰত জবানবন্দী গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

গহপুৰ মহকুমাৰ উক্ত ৬ সমবায়ত চি এম ভিজিলেঞ্চৰ অভিযানকাৰী দলটোৱে কিবা আসোঁৱাহ বা দুৰ্নীতি-অনিয়ম পোৱা-নোপোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য কৰা নাই।

গহপুৰত সমবায়ে সমবায়ে চি এম ভিজিলেঞ্চৰ অভিযান
চৰাইদেউ প্ৰেছ ক্লাবৰ উদ্যোগত “আমাৰ গাঁও আমাৰ সমস্যা” শীৰ্ষক কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in