চৰাইদেউ প্ৰেছ ক্লাবৰ উদ্যোগত “আমাৰ গাঁও আমাৰ সমস্যা” শীৰ্ষক কাৰ্যসূচী

চৰাইদেউ প্ৰেছ ক্লাবৰ উদ্যোগত “আমাৰ গাঁও আমাৰ সমস্যা” শীৰ্ষক কাৰ্যসূচী

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ অঞ্চলৰ সংবাদকৰ্মীসকলৰ অন্যতম উমৈহতীয়া মঞ্চ চৰাইদেউ প্ৰেছ ক্লাব। এই ক্লাৱটিৰ উদ্যোগত বানটুং গাঁও পঞ্চায়ত এলেকাৰ বেলেংবাৰী অঞ্চলত শনিবাৰে “আমাৰ গাঁও আমাৰ সমস্যা” শীৰ্ষক কাৰ্যসূচী সম্পন্ন কৰা হয় ৷

ঐতিহাসিক ধোদ আলিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত অৱস্থিত গাঁৱখনৰ গাঁৱবাসীয়ে গ্ৰামাঞ্চলটোক আদৰ্শ গাঁও ৰূপে গঢ়ি তুলিবলৈ দাবী জনায় ৷ প্ৰেছ ক্লাবৰ সম্পাদক প্ৰণৱ বৰগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানটিত শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰি বাট-পথ মেৰামতি,স্বাস্থ্যজনিত সমস্যা,খোৱা পানী সমস্যাকে ধৰি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱা অভিযোগ উত্থাপন কৰে ৷

বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক ৰোহিনী মহনে পৰিচালনা কৰা অনুষ্ঠানটিত অঞ্চলটোৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা কৃতি শিক্ষাৰ্থীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷

উল্লেখ্য যে, অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হয় ৷ এই কাৰ্যসূচী চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰৱজ্যোতি বৰুৱকে ধৰি সংবাদ কৰ্মীসকলে অংশগ্ৰহণ কৰে বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ৷

চৰাইদেউ প্ৰেছ ক্লাবৰ উদ্যোগত “আমাৰ গাঁও আমাৰ সমস্যা” শীৰ্ষক কাৰ্যসূচী
পদপথ কাৰ বাবে ? পথচাৰীৰ বাবে নে ট্ৰেন্সফৰ্মাৰৰ বাবে...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in