প্ৰশ্নকাকত ফাদিলত ছেবাৰ দোষ নাই, প্ৰশ্নকাকত ফাদিলকলৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ...

দুটাকৈ পৰীক্ষা বাতিল হোৱাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে যে, পৰীক্ষা বাতিল নকৰা হলেও হ’লহেতেন ।
প্ৰশ্নকাকত ফাদিলকলৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ...
প্ৰশ্নকাকত ফাদিলকলৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ...

ডিজিটেল ডেস্কঃ ইখনৰ পিছত প্ৰশ্ন কাকত ফাদিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ লগতে সকলোকে হতাশ কৰিছে । ইয়াৰ উপৰিও সুচাৰুৰূপে এটাও পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাকলৈ সন্দেহ ওপজিছে ৰাজ্যৰ শিক্ষা বিভাগটোৰ প্ৰতি।

শুকুৰবাৰে অনুস্থিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ কথা জনাই ছেবাই পুনৰ বাৰ বাতিল কৰিলে পৰীক্ষা । ইয়াৰ পূৰ্বেও ছেবাই প্ৰশ্নকাকত ফাদিলৰ হোৱা বাবে এই বিজ্ঞান বিষয়ৰো পৰীক্ষা বাতিল কৰিছিল । এই লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ।

দুটাকৈ পৰীক্ষা বাতিল হোৱাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে যে, পৰীক্ষা বাতিল নকৰা হলেও হ’লহেতেন । ফাদিল হোৱা প্ৰশ্নকাকতসমূহ বৃহস্পতিবাৰে মাজুলীত উদ্ধাৰ কৰা হৈছে ।

লগতে তেওঁ কয় তথাপিও ছাত্ৰ-ছাত্ৰী মনোবল ভাঙি যাব বুলিয়েই পৰীক্ষা বাতিল কৰা হ’ল। লগতে মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে পৰীক্ষাৰ মাজত গেপ থাকে এতিয়া ১০ টা দিন বেছি দিন গেপ পোৱা বুলি ভাবি ললেই হ’ল । প্ৰশ্নকাকত ফাদিলত ছেবাৰ কোনো দোষ নাই । দোষ শিক্ষকজনৰ । ছেবাৰ সংস্কাৰ নহ’য়, শিক্ষকৰহে সংস্কাৰ লাগে।

বাৰে বাৰে প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনাই ছেবা অধীনৰ হাইস্কুল শিক্ষান্ত পৰিক্ষাৰ্থীৰ মনোবল ভাঙি দিছে । ইমানৰ পিছতো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্নকাকত ফাদিলক লৈ শেহতীয়াকৈ ছাত্ৰ-ছাত্রীক ভাঙি নপৰিবলৈ মন্তব্য কৰিছে । ইমানৰ পিছতো ভাঙি যোৱা মনোবল ঘূৰাই আনি পৰৱৰ্তী পৰীক্ষাসমূহ সুচাৰুৰূপে অনুষ্ঠি ত কৰাৰ ক্ষেত্ৰত চৰকাৰে কিদৰে ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া হ’ব লক্ষনীয় ।

প্ৰশ্নকাকত ফাদিলকলৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ...
পাণ্ডিয়াৰ অগ্নি পৰীক্ষা ! কোনো ভাৰতীয় অধিনায়কে কৰিব নোৱাৰা কাম কৰিব লাগিব ৱাংখেড়েত....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in