ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

মঙলবাৰে অসমত 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ৰ চতুৰ্থ দিন। ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত পুনৰ সংঘটিত হৈছে অনাকাংক্ষিত ঘটনা। খানাপাৰাত আৰক্ষীৰ বেৰিকেড ভাঙি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ কংগ্ৰেছ সমৰ্থকে। বেৰিকেড স্থাপন কৰি মোতায়েন কৰা আৰক্ষীৰে হতাহতিত লিপ্ত হৈছিল একাংশ উত্তেজিত কংগ্ৰেছ নেতা-কৰ্মী।

author-image
Asomiya Pratidin
New Update
ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ মঙলবাৰে অসমত 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ৰ চতুৰ্থ দিন। ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত পুনৰ সংঘটিত হৈছে অনাকাংক্ষিত ঘটনা। খানাপাৰাত আৰক্ষীৰ বেৰিকেড ভাঙি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ কংগ্ৰেছ সমৰ্থকে। বেৰিকেড স্থাপন কৰি মোতায়েন কৰা আৰক্ষীৰে হতাহতিত লিপ্ত হৈছিল একাংশ উত্তেজিত কংগ্ৰেছ নেতা-কৰ্মী।

Advertisment

খানাপাৰাত ৰাহুল গান্ধীৰ সৈতে নেতা-কৰ্মীসকল আহি উপস্থিত হোৱাৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । মহানগৰীৰ মাজলৈ যোৱা পথত বেৰিকেড দি অৱৰোধৰ ব্যৱস্থা কৰিছিল আৰক্ষীয়ে । এই বেৰিকেডেৰে পাৰ হ’ব বিচাৰোতে আৰক্ষীৰ লাঠি চালনাৰ বলি হ’ব লগা হ’ল অসম প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকল।

এই ঘটনাৰ পিছেত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ নেতা-কৰ্মীয়ে সৃষ্টি কৰা এই অপ্ৰীতিকৰ পৰিস্থিতৰ সৃষ্টি কৰাৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।

Also Read: গুৱাহাটী প্ৰেছ ক্লাবত পদুমী গগৈৰ উপন্যাস চ্চাওফা উন্মোচন

rahul gandhi himanta biswasarma #GPshing bharat jodo nyay jatra