মুখ্যমন্ত্রীয়ে এতিয়াৰ পৰা লাভ কৰিব নতুন কাৰ্যালয় ‘লোকসেৱা ভৱন’

এতিয়াৰ পৰা মুখ্যমন্ত্রীয়ে লাভ কৰিলে সুকীয়া কাৰ্যালয়। মুখ্যমন্ত্রীৰ নতুন ব্লক হ’ব ‘আই’ (I)। মুখ্যমন্ত্রীৰ নতুন কাৰ্যালয়ৰ নাম হ’ব ‘লোকসেৱা ভৱন’।

author-image
Asomiya Pratidin
New Update
থলুৱা কৃষকৰ পৰা পূৰ্বতকৈ অধিক পৰিমাণে ধান, সৰিয়হ ক্ৰয় কৰিব অসম চৰকাৰে...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্কঃ এতিয়াৰ পৰা মুখ্যমন্ত্রীয়ে লাভ কৰিলে সুকীয়া কাৰ্যালয়। মুখ্যমন্ত্রীৰ নতুন ব্লক হ’ব ‘আই’ (I)। মুখ্যমন্ত্রীৰ নতুন কাৰ্যালয়ৰ নাম হ’ব ‘লোকসেৱা ভৱন’।

Advertisment

ইয়াৰ পূৰ্বে মুখ্যমন্ত্রীৰ বাবে নাছিল স্থায়ী কাৰ্যালয়। গৃহ বিভাগৰ কাৰ্যালয়েই আছিল মুখ্যমন্ত্রীৰ কাৰ্যালয়। এক সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই এই কথা।

তেওঁ কয় যে, এটা নতুন ব্লকৰ কাম চলি আছে। ৬ মাহৰ ভিতৰত সম্পন্ন হ’ব সেই ব্লকৰ কাম। মুখ্যমন্ত্রী আৰু মুখ্য সচিবৰ কাম ইয়াৰ পৰাই আৰম্ভ হ’ব।

এতিয়াৰে পৰা কেবিনেট বৈঠক বা অন্যান্য বৈঠক ইয়াৰ পৰাই হ’ব। অহা ৫ৰ পৰা ১০ বছৰৰ ভিতৰত সচিবালয়ে এটা নতুন ৰূপ পাব।

উক্ত সংবাদ মেলত মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰী কৰ্মচাৰীৰ ‘দ্বিতীয় বিবাহ’ সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয় যে, দ্বিতীয় বিবাহ কৰাবলৈ চৰকাৰী বিভাগৰ অনুমতি ল’ব লাগিব। এই ব্যৱস্থা কংগ্রেছৰ দিনতে লোৱা হৈছিল, এতিয়া কাৰ্যক্ষম হৈছে। হিন্দু-মুছলমান বুলি কথা নাই, সকলো কৰ্মচাৰীয়ে মানি চলিব লাগিব এই নিয়ম।

Also Read: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ অন্তিমটো টানেল বন্ধ

himanta biswa sarma