/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e5136e06-50a1-4523-add2-c664564176e5/5.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: উত্তৰ অসমবাসীৰ জীৱন জীৱিকাৰ প্ৰতি ভয়ংকৰ জলবোমা ৰূপে পৰিগণিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। গেৰুকামুখত নির্মিয়মান এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৰ পাৰ্শ্বক্ৰিয়াই নামনি অংশত বসবাস কৰি অহা নাগৰিকক বছৰ বছৰ ধৰি জীয়া যন্ত্ৰণা ভোগাই আহিছে। বিগত সময়চোৱাত ঠুনুকা পাহাৰত ক্ৰুটিপূৰ্ণ আৰু অবিজ্ঞানসন্মত নিৰ্মানৰ বাবে নিৰ্মীয়মান অৱস্থাতে প্ৰকল্পটোৰ কেইবাটাও টানেল বন্ধ হৈ পৰাৰ পাছত অৱশিষ্ট হিচাবে ৰৈছিল এটা মাত্ৰ টানেল।
কিন্তু শেহতীয়াভাৱে এই অৱশিষ্ট টানেলতো সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰাত প্ৰকল্পৰ ভিতৰত এক জটিল পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ তথ্য পোৱা গৈছে। সম্প্ৰতি প্ৰকল্পৰ আটাইকেইটা পানী বৰ্হিগমন কৰা টানেল বন্ধ হৈ পৰাত নামনি অংশৰ নদী পৃষ্ঠ তৰাং হৈ পৰিছে। মাত্ৰ কেইদিন মানৰ পূৰ্বে পানীৰে উপচি থকা ভৰুণ সোৱণশিৰি নদীখনৰ প্ৰকল্পৰ সমীপৰ বিশাল অংশ শুকান আৰু মৰু সদৃশ অৱস্থাই চানি ধৰিছে।
ভৰুণ নদীখনৰ পৃষ্ঠভাগ শুকাই নদীৰ বুকুৰ শিল পৰ্যন্ত ওলাই পৰা এই বিস্ময়কৰ পৰিস্থিতি দেখি স্তম্ভিত হৈছে প্ৰত্যক্ষদৰ্শী। কস্মিন কালেও নদীখনৰ এনে শুষ্ক ৰূপ প্ৰত্যক্ষ নকৰা ৰাইজে এতিয়া নদীৰ বুকুত খোজ কাঢ়ি মাছৰ সন্ধান চলোৱা এক অবিস্মৰণীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে। এই সন্দৰ্ভত এন এইচ পি চি কৰ্তৃপক্ষই মুখ খুলা নাই যদিও বহু দুষ্প্ৰাপ্য মাছ আৰু জলজীৱকুলৰ অস্তিত্বৰ প্ৰতি প্ৰচণ্ড ভাবুকি নমাই অনা এনে অস্বাভাৱিক পৰিণতিয়ে অন্য এক ভয়াবহ পৰিস্থিতিৰ ইংগিত দিছে।
উল্লেখ্য যে তৰাং সোৱণশিৰি নদীৰ বুকুত শুকুৰবাৰে পুৱাৰ পৰাই অগণন লোকৰ সমাগম ঘটিছে সোৱণশিৰি নদীৰ বুকুৰ দুষ্প্ৰাপ্য আৰু তৃপ্তিদায়ক মাছ ধৰিবলৈ ।