ঔদ্যোগিক বিকাশৰ লক্ষ্যঃ ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীৰে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি

ঔদ্যোগিক বিকাশৰ লক্ষ্যঃ ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীৰে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি

author-image
Asomiya Pratidin
New Update
ঔদ্যোগিক বিকাশৰ লক্ষ্যঃ ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীৰে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠান। অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ তথা পৰ্যটন বিভাগৰ সৈতে ব্যক্তিগত খণ্ডৰ বৃহৎ বিনিয়োগকাৰীৰে মেগা ঔদ্যোগিক প্রকল্প স্থাপনৰ বাবে স্বাক্ষৰ কৰা হয় এই বুজাবুজিৰ চুক্তি।

Advertisment

অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ তৎপৰতাত অসম চৰকাৰ আৰু ৬টা ভিন্ন কোম্পানীৰ মাজত মুঠ ৩১১৪.১৪ কোটি টকা মূল্যৰ মেগা বিনিয়োগৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়। বুজাবুজি চুক্তি স্বাক্ষৰ কৰা ৬টা কোম্পানী ক্ৰমে -M/s কেছাৰ পেট্ৰ' প্ৰডাক্টছ, লংস্পেন ষ্ট্ৰাকচাৰ্ছ প্ৰাইভেট লিমিটেড, M/s SBL বিস্কুট প্ৰাইভেট লিমিটেড, M/s উমৰাংছু (ভাৰত) চিমেণ্ট এল এল পি, M/s সুনীত ব্ৰুৱেৰীজ প্ৰাইভেট লিমিটেড, M/s জেৰিকো ফুডছ এণ্ড বেভাৰেজছ এল এল পি।

এই চুক্তিৰ জৰিয়তে অসমৰ আন্তঃগাথঁনি উন্নয়নৰ লগতে ৫,১০০ৰো অধিক লোকক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োগৰ সুযোগ প্ৰদান কৰিব বুলি আশাবাদী অসম চৰকাৰ। বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াই কয় যে, অসম এতিয়া উন্নতিৰ পথত আগবাঢ়ি গৈছে আৰু অসম ঔদ্যোগিক ৰাজ্যলৈ পৰ্যবসিত হ’ব। ইয়াৰ পূৰ্বে ৮টা উদ্যোগৰ সৈতে ৮০০০ কোটি টকাৰ বুজাবুজি চুক্তি হৈছিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই চুক্তিৰ জৰিয়তে নতুনকৈ ১১ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্রস্তাৱ আহিছে আৰু নিৰ্দিষ্ট নিয়মৰ মাজেৰে এই প্রস্তাৱসমূহ পৰ্যায়ক্রমে গ্রহণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। তদুপৰি অহা বছৰত ৫০,০০০ কোটি বিনিয়োগ অসমে পাব আৰু পৰৱৰ্তী বছৰত আৰু ৫০,০০০ কোটি টকা বিনিয়োগ লাভৰ বাবে অসম চৰকাৰে প্রয়াস কৰিব বুলি তেওঁ অনুষ্ঠানৰ জৰিয়তে প্ৰকাশ কৰিছে। সমান্তৰালভাবে ২১ বছৰীয়া মন্ত্রিত্বৰকালত উদ্যোগৰ প্রতি কেতিয়াও এনে আগ্রহ দেখা নাছিলো; আজি-কালি ১ মাহৰ ভিতৰতে মাটিৰ পঞ্জীয়ন তথা বিদ্যুৎ সংযোগৰ কাম সম্পন্ন হয় বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।

উল্লেখ্য যে উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰী বিমল বৰা, মন্ত্ৰী যোগেন মহন, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় কিষাণ, অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ , উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবী কতা, আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং আৰু আটাইকেইটা প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ লগতে বিভিন্ন বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Also Read: মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যুক আঁকোৱালি ল'লে যুৱকে

GOVT OF ASSAM