লৰা-ধেমালি! বজালীক ১০-১৫ দিনৰ ভিতৰত জিলা কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ...

লৰা-ধেমালি!  বজালীক ১০-১৫ দিনৰ ভিতৰত জিলা কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ...
লৰা-ধেমালি! বজালীক ১০-১৫ দিনৰ ভিতৰত জিলা কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ...

ডিজিটেল ডেস্কঃ বজালীত আন্দোলন অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰে। বিধানসভাত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ১৫-২০ দিনৰ ভিতৰত গঠন হ’ব বজালী জিলা।

কিছু অসুবিধাৰ বাবে জিলা গঠনত পলম হোৱা বুলি মন্তব্য শৰ্মাৰ। নতুন উপ-জিলালৈ ৫ কোটিকৈ টকাৰ অনুমোদন আগঢ়োৱা বুলি মন্তব্য কৰে শৰ্মাই। লগতে কাৰ্যালায় আৰু আন্তঃগাঁথনিৰ বাবে এই ধনৰ অনুমোদন আগবঢ়োৱা বুলি কয়।

উল্লেখ্য যে, যোৱা ৩ টা বছৰৰ ভিতৰত বিজেপি শাসিত চৰকাৰে বজালীক দুবাৰকৈ জিলা ঘোষণা কৰি দুবাৰকৈ কাটি দিলে। বজালীক লৈ লৰা ধেমালি কৰা চৰকাৰখনৰ ৰাজহাড়বিহীন সিদ্ধান্তই ক্ষোভিত কৰিছে বজালীবাসীক। মন গ'লেই বজালীক জিলা ঘোষণ কৰা, জিলা কৰ্তন কৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বজালীবাসীয়ে।

২০১৯ চনত বজালীক সৰ্বানন্দ সোণোৱাল চৰকাৰে জিলা ঘোষণা কৰাৰ পাছত ২০২০ চনত জিলাৰ কাম কাজ আৰম্ভ হয়। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ অচিলা লৈ ২০২২ চনত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বজালী জিলা কৰ্তন কৰে যদিও ২০২৩ চনত পুনৰ বজালীক জিলালৈ উন্নীত কৰে।

কিন্তু ১২ ছেপ্টেম্বৰত পুনৰ চৰকাৰে বজালী জিলা কৰ্তন কৰাৰ পাছতেই প্ৰতিবাদত উত্তাল হৈ পৰিছে বজালী। ৰাজ্যচৰকাৰে ঘোষণা কৰা ৭৯ খন উপ-জিলাত বজালীৰ নাম প্ৰত্যক্ষ কৰাৰ পাছতেই প্ৰতিবাদ সৃষ্টি হয় বজালীত।

তাৰপাছতে আজি পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ১০-১৫ দিনৰ ভিতৰত বজালীক জিলা কৰা হ'ব।

লৰা-ধেমালি!  বজালীক ১০-১৫ দিনৰ ভিতৰত জিলা কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ...
প্ৰসংগঃ ১০ কোটিৰ ৰাজ সাহাৰ্য, গৌৰৱ গগৈৰ বিৰুদ্ধে গোচৰ তৰিব মুখ্যমন্ত্ৰীৰ পত্নীয়ে

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in