২৬ জানুৱাৰী উপলক্ষে মহানগৰীৰ ’ডি কেভ’ ৰেষ্টুৰাত কেক প্ৰতিযোগিতা

২৬ জানুৱাৰী উপলক্ষে মহানগৰীৰ ’ডি কেভ’ ৰেষ্টুৰাত কেক প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ২৬ জানুৱাৰী তাৰিখে ’কানেক্ট ৫’ ৰ সৌজন্যত গুৱাহাটী মহানগৰীৰ সুন্দৰপুৰ স্থিত ’ডি কেভ’ ৰেষ্টুৰাত এখনি কেক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷ উক্ত প্ৰতিযোগিতাত গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷

প্ৰতিযোগিতা খনৰ বিচাৰক ৰূপে উপস্থিত আছিল বিশিষ্ট চেফ্‌ ক্ৰমে প্ৰিয়াংকী কাকতী, অমিতাভ দত্ত, মৃদুষ্মিতা দত্ত দুৱৰা৷ প্ৰতিযোগিতা খনত পৃষ্ঠপোষকতা আগবঢ়াই ৱন্ডাৰচেফ্‌ হোম এপ্লায়েনচে্‌চ, এচ.এম. চ্‌পচ, মে্‌কাৰ’চ মিৰাকল আৰু ডি কেভ ৰেষ্টুৰাই ৷

উক্ত প্ৰতিযোগিতা খনিত প্ৰথম স্থান লাভ কৰে চাহিন জামাল, দ্বিতীয় স্থান লাভ কৰে অৰ্চিতা দে, তৃতীয় স্থান লাভ কৰে দিব্যা চৌধুৰী আৰু উদ্‌গনি বঁটা আগবঢ়োৱা হয় তনুশ্ৰী ৰয়লৈ৷ লগতে ৱন্ডাৰচেফ্‌ হোম এপ্লায়েনচে্‌চৰ তৰফৰ পৰা ৰজিতা শৰ্মালৈ আগবঢ়োৱা হয় এটি বিশেষ বঁটা৷ প্ৰতিযোগিতাৰ অন্তত বিচাৰক মন্ডলীৰ তৰফৰ পৰা প্ৰতিযোগীসকলৰ উদ্দেশ্যে বিবিধ বক্তব্য তথা দিহা পৰামৰ্শ আগবঢ়োৱা হয়৷

২৬ জানুৱাৰী উপলক্ষে মহানগৰীৰ ’ডি কেভ’ ৰেষ্টুৰাত কেক প্ৰতিযোগিতা
চন্দ্ৰপুৰৰ হেল্প এইড একাডেমিত বিজ্ঞান মনস্ক অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in