ৰে’লৱে ষ্টেচনৰ পুনঃনিৰ্মাণঃ পল্টনবজাৰ ষ্টেচনৰ বাবদ ৬০০ কোটি টকা ব্যয়ৰ লক্ষ্য

ৰে’লৱে ষ্টেচনৰ পুনঃনিৰ্মাণঃ পল্টনবজাৰ ষ্টেচনৰ বাবদ ৬০০ কোটি টকা ব্যয়ৰ লক্ষ্য

ডিজিটেল ডেস্কঃ ৰে’লৱে ষ্টেচনৰ পুনঃনিৰ্মাণৰ কাৰ্যসূচীত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্রীৰ। দেওবাৰে নাৰেঙ্গীত অনুষ্ঠিত হোৱা ৩২টা ৰে’লৱে ষ্টেচনৰ পুনঃনিৰ্মাণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰে।

দেশৰ ৰে’লৱে ষ্টেচনসমূহৰ ভিতৰত ৫০টা ৰে’লৱে ষ্টেচন সামৰি পুনৰ নিৰ্মাণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ২টা বছৰৰ ভিতৰত ৩২টা ৰে’লৱে ষ্টেচন আধুনিকীকৰণৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ। উক্ত সভাত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰকীয়ে।

লগতে তেওঁ কয় যে- উত্তৰ-পূৱত সকলোতকৈ বেছি ৰে’ল ষ্টেচন হ’ব। আনহাতে পল্টনবজাৰ ৰে’ল ষ্টেচন আধুনিকীকৰণৰ বাবে ৬০০ কোটি টকা ব্যয়ৰ লক্ষ্য ধাৰ্য কৰা হৈছে বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখৰ প্ৰয়োজন যে, এই সভাত ভিডিঅ' কনফেৰেঞ্চৰ যোগে ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

ৰে’লৱে ষ্টেচনৰ পুনঃনিৰ্মাণঃ পল্টনবজাৰ ষ্টেচনৰ বাবদ ৬০০ কোটি টকা ব্যয়ৰ লক্ষ্য
অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিত গা লৰিছে দল সংগঠনৰঃ ন্যাৰ্য প্ৰাপ্তৰ দাবীত স্মাৰক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in