গোৰ্খা লোকনৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান...

গোৰ্খা সম্প্ৰদায়ৰ লোক কলা সংস্কৃতি প্ৰসাৰ তথা ইয়াৰ বিকাশৰ উদ্দেশ্যৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত সমষ্টিটোৰ বিভিন্ন প্ৰান্তত গোৰ্খা লোক নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে
গোৰ্খা লোকনৃত্য কৰ্মশালা
গোৰ্খা লোকনৃত্য কৰ্মশালা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ গোৰ্খা সম্প্ৰদায়ৰ লোক কলা সংস্কৃতি প্ৰসাৰ তথা ইয়াৰ বিকাশৰ উদ্দেশ্যৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত সমষ্টিটোৰ বিভিন্ন প্ৰান্তত গোৰ্খা লোক নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে ৷

ইয়াৰ অংশ হিচাবে সমষ্টিটোৰ অন্তৰ্গত জামুগুৰিহাটৰ চুটিয়ামত অসমী মহিলা মঞ্চৰ উদ্যোগত অনুষ্ঠিত দহ দিনিয়া এই গোৰ্খা লোকনৃত্য কৰ্মশালাৰ বৃহস্পতিবাৰে সন্ধিয়া সফল সামৰণি পৰে ।

কৰ্মশালা খনিত প্ৰশিক্ষণ প্ৰদান কৰে বিশিষ্ট গোৰ্খা লোকনৃত্য শিল্পী কলাশ্ৰী বিনোদ খনালে ৷ কৰ্মশালাৰ সামৰণি অনুষ্ঠানটিত অংশ গ্ৰহণ কৰি অসম চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য মতি কুমাৰ নেৱাৰে অসমী মহিলা মঞ্চৰ পদক্ষেপক আদৰণি জনায়

৷ লগতে এই কৰ্মশালাৰ জৰিয়তে গোৰ্খা সমাজৰ পৰা হেৰাই যাৱ ধৰা বহু ঐতিহ্য পৰম্পৰা উদ্ধাৰ হব বুলি মন্তব্য কৰে ৷

লোকনৃত্য কৰ্মশালা
লোকনৃত্য কৰ্মশালা

লোকনৃত্য কৰ্মশালাত অঞ্চলটোৰ কেইবা শতাধিক মহিলা, কিশোৰ, কিশোৰী আৰু যুৱক, যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে ৷

গোৰ্খা সম্প্ৰদায়ৰ লোক নৃত্য সংগিনীক গ্ৰিণিচ বুক অৱ ৱৰ্লড ৰেকৰ্ডৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে চতিয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত এই গোৰ্খা লোক নৃত্য কৰ্মশালাৰ অনুষ্ঠিত কৰি অহাৰ কথা সদৰি কৰে বিশিষ্ট গোৰ্খা লোকনৃত্য শিল্পী কলাশ্ৰী বিনোদ খনালে ।

গোৰ্খা লোকনৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, দক্ষিণ চিলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী গংগা দেৱীৰ লগতে বহুকেইগৰাকী গন্য মান্য ব্যক্তিয়ে ।

গোৰ্খা লোকনৃত্য কৰ্মশালা
ঋষি চুনাক প্ৰধানমন্ত্ৰী হোৱাৰ আঁৰত থকা নাৰীগৰাকী কোন?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in