ভোটাই গাঁও ৰাজহুৱা নামঘৰৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠান

ভোটাই গাঁও ৰাজহুৱা নামঘৰৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠান

সভাত স্মৰণিকা "আৰিয়া"উন্মোচন কৰিব শ্ৰী শ্ৰী মাহৰা সত্ৰৰ সত্ৰাধিকাৰ জীৱেশ্বৰ দেৱ গোস্বামীয়ে

ডিজিটেল সংবাদ,উৰিয়াগাঁও : নগাঁও জিলাৰ ভোটাই গাঁও ৰাজহুৱা নামঘৰৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠানটি তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হয়। এক ভক্তিময় পৰিৱেশত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ঊষা কীৰ্তনৰ পিছতেই বন্তি প্ৰজ্জ্বলন কৰে সমাজকৰ্মী জয়ৰাম কলিতাই।

স্মৃতি তৰ্পন কৰে উদযাপন সমিতিৰ সভাপতি জ্যোতিপ্ৰসাদ বৰাই। ইয়াৰ পিছতেই ধৰ্মীয় শোভাযাত্ৰা আৰু জল আনয়ন,দুপৰীয়া নাম প্ৰসংগ আৰু প্ৰসাদ বিতৰণৰ অন্তত বিয়লি ভাগৱত পাঠৰ শুভাৰম্ভ কৰে শ্ৰী শ্ৰী লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ কল্যাণ মহন্তই।

শনিবাৰে দ্বিতীয় দিনা পুৱা ৬ বজাত ভাগৱত পাঠৰ সামৰণি আৰু নাম প্ৰসংগৰ অন্তত নগাঁও জিলা ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাত ১০ টি নামৰ দলে অংশগ্ৰহণ কৰে।

দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো নামৰ দলে হৰিনাম পৰিবেশন কৰি অঞ্চলটোৰ আকাশ বতাহ মুখৰিত কৰি তোলে। প্ৰতিযোগিতাখনিত বিচাৰকৰ আসন অলংকৃত কৰে অনুপ বৰুৱা আৰু পবিত্ৰ বৰাই।

উদযাপন সমিতিয়ে জনোৱা মতে দেওবাৰে পুৱা ১০ বজাত নাম প্ৰসংগ আৰু প্ৰসাদ বিতৰণ আৰু বিয়লি ধৰ্মালোচনী সভা,সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব।ভোটাই গাঁও ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কমলা কান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া সভাত নিৰ্দিষ্ট বক্তা হিচাপে পুৰনিগুদামৰ শ্ৰী শ্ৰী লেটোগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণ গোস্বামী,বিশিষ্ট অতিথি হিচাপে কামপুৰৰ শ্ৰী শ্ৰী টকৌবাৰী শ্ৰৱনী সত্ৰৰ সত্ৰাধিকাৰ ভীষ্মদুৰ্লভ মহন্তক আমন্ত্ৰণ জনোৱা হৈছে।

উক্ত সভাত স্মৰণিকা "আৰিয়া"উন্মোচন কৰিব শ্ৰী শ্ৰী মাহৰা সত্ৰৰ সত্ৰাধিকাৰ জীৱেশ্বৰ দেৱ গোস্বামীয়ে। নিশা অংকীয়া ভাওনা "সগৰৰ ৰাজ্যলাভ" প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিয়ে।

ভোটাই গাঁও ৰাজহুৱা নামঘৰৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠান
এ বি এম এগ্ৰী ইন্দাষ্ট্ৰী এণ্ড ৰিচাৰ্ছ প্ৰাইভেট লিমিটেডৰ মেহদি আলম চৌধুৰীক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in