হাজোত ধৰ্মীয় অনুষ্ঠানক লৈ দুটা ফৈদৰ মাজত সংঘৰ্ষ

হাজোত ধৰ্মীয় অনুষ্ঠানক লৈ দুটা ফৈদৰ মাজত সংঘৰ্ষ

author-image
Asomiya Pratidin
New Update
হাজোত ধৰ্মীয় অনুষ্ঠানক লৈ দুটা ফৈদৰ মাজত সংঘৰ্ষ

ডিজিটেল সংবাদ,হাজো : হাজোত ধৰ্মীয় অনুষ্ঠানক লৈ দুটা ফৈদৰ মাজত বিতৰ্কৰ সূত্ৰপাত হয়। ধৰ্মীয় অনুষ্ঠানেই এতিয়া যেন কাজিয়াৰ মূল কেন্দ্ৰ বিন্দু হৈ পৰিছে হাজোৰ দামপুৰ অঞ্চলত। হাজোৰ সোৱণছাহ সংঘটিত এই ঘটনাই পাছলৈ চূড়ান্ত ৰূপ লোৱাৰ কথা জানিব পৰা গৈছ।

Advertisment

উক্ত ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে নিশা অঞ্চলটোৰ এজন যুৱকক দলবদ্ধভাৱে আক্ৰমণ কৰে একাংশই। জানিব পৰা মতে ১০-১২ জনীয়া এটি দুৰ্বৃত্তৰ দলে হানি খুচি হত্যাৰ চেষ্টা চলাই  আলকাছ আলী নামৰ যুৱকজনক। ইয়াৰ পাছতে মূমুৰ্ষূ অৱস্থাত যুৱকজনক দুৰ্বৃত্তই নদীৰ পাৰত পেলাই থৈ যায় যদিও মাছমৰীয়া লোকে যুৱকজনক উদ্ধাৰ কৰে।

অৱশ্যে স্থানীয় লোকৰ সহযোগত ভুক্তভোগী যুৱকজনক ততালিকে হাজো হাস্পতাললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে। ইতিমধ্যে যুৱকজনৰ পৰিয়ালৰ তৰফৰ পৰা হাজো আৰক্ষীত দাখিল কৰিছে এজাহাৰ।

Also Read: IIT ৰ প্ৰফেচাৰ আলোক সাগৰে কিয় বাচি ল'লে সন্নাসীৰ জীৱন...

Hajo Police hajo